জাইকাৰ পানী পাবলৈ সম্পত্তি কৰ দিয়াটো বাধ্যতামূলক : মৃগেন শৰণীয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ সম্পত্তি কৰ নিদিলে জাইকাৰ পানী পোৱাটো অসম্ভৱ। আজি গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয় যে জাইকাৰ দ্বাৰা যেতিয়া সম্পূৰ্ণ পানী দিয়াৰ ব্যৱস্থা হব তেতিয়া পানীৰ সংযোগ লবলৈ সম্পত্তিৰ কৰ দিবই লাগিব। যদি সম্পত্তি কৰ নিদিয়ে তেতিয়াহলে পানী যোগান ব্যাহত হব। তেওঁ এই সন্দৰ্ভত কয়, জল বৰ্ডৰ লগতো আমাৰ এক চুক্তি হব এই সন্দৰ্ভত। গুৱাহাটীৰ ৩০ শতাংশ অঞ্চলত জিএমচিয়ে পানী যোগান ধৰি আছে। এইবাৰ আমি ৬০ কোটি সম্পত্তি কৰ পাইছোঁ। যোৱাবাৰ ১৩০ কোটি সম্পত্তিৰ কৰ লাভ কৰিছিলোঁ। আনহাতে সম্পত্তি ছীল সন্দৰ্ভত তেওঁ কয়, ৫০টা বাণিজ্যিক কেন্দ্ৰ আৰু ঘৰৰ তালিকা প্ৰস্তুত কৰা হৈছে, যাৰ আমি সম্পত্তি ছীল কৰিম। ইতিমধ্যে আমি কেইবাজনৰো সম্পত্তি কৰ ছীল কৰিছোঁ।

Featured