সজাগ নহ’লে শেষ হৈ যাব পাৰে লুইতপাৰৰ সভ্যতা, চীনৰ নদীবান্ধক লৈ ড০ আৰতি বৰুৱাৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ মহাবাহু ব্রহ্মপুত্রক ভেটি ৰঙা চীনে নির্মাণ কৰিব ওলোৱা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে কালি গুৱাহাটীত প্রতিবাদ সাব্যস্ত কৰে প্রবাসী অসমীয়া ড০ আৰতি বৰুৱাই৷

গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ তিনি ঘণ্টা প্রতীকী অনশন কার্যসূচী ৰূপায়ণ কৰি চীনৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰে৷ বিশেষকৈ ব্রহ্মপুত্রক ভেটা দি চীনে নির্মাণ কৰিব ওলোৱা নদীবান্ধে অসমত পেলাব পৰা প্রভাৱ সন্দর্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্রবাসী অসমীয়াগৰাকীয়ে এই বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে৷

এই কার্যসূচীৰ জৰিয়তে তেওঁ বৃহৎ নদীবান্ধৰ পোষকতা কৰা যিকোনো ৰাষ্ট্রকে পেৰিছ জলবায়ু চুক্তি অনুসৰি শাস্তি আৰু ক্ষতিপূৰণ আদায় কৰোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে৷ উল্লেখ্য যে ড০ আৰতি বৰুৱাই ইয়াৰ পূর্বেও বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এনেদৰে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছিল৷

তদুপৰি এই বিষয়টোৰ ওপৰত তেওঁ গৱেষণাবদ্ধ গ্রন্থও প্রকাশ কৰিছে৷ প্রতীকী অনশন কার্যসূচীত অংশগ্রহণ কৰি তেওঁ কয়– ‘অৰুণাচলৰ ঠিক ওপৰতে পেমাকো নামৰ স্থানত চীনে যি ধৰণৰ গ্রেণ্ড কেনিয়ন নির্মাণ কৰিবলৈ লৈছে, এয়া ভৱিষ্যতৰ বাবে অশনি সংকেত৷ ব্রহ্মপুত্র শুকাই যাব৷ বর্ষকালত ব্রহ্মপুত্রত পানীৰ পৰিমাণ বৃদ্ধি পাব৷ ব্রহ্মপুত্র নাথাকিলে অসম কেতিয়াও নাথাকে৷ সেয়েহে এইক্ষেত্রত আমি সকলো সচেতন হোৱাটো অত্যন্ত জৰুৰী৷’

প্ৰতিবাদী কার্যসূচীৰ জৰিয়তে তেওঁ ভাৰত আৰু অসম চৰকাৰক চীনে এইদৰে নদীবান্ধ নির্মাণ কৰিবলৈ লোৱা পদক্ষেপৰ বিৰুদ্ধে সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিব লাগে বুলিও দাবী উত্থাপন কৰে৷

সমান্তৰালভাৱে গুৰুতৰ বিষয়টো ৰাষ্ট্রসংঘ আৰু পেৰিছ জলবায়ু চুক্তিৰ ওচৰলৈ লৈ যাবলৈ আগ্রহী বুলি মন্তব্য কৰি কয় যে এইক্ষেত্রত তেওঁক ৰাইজৰ সহযোগিতাৰ অত্যন্ত প্রয়োজন বুলি কয়।