প্ৰধান শিক্ষকৰ বিৰুদ্ধে চেঙাৰ সুখোৱাৰঝাৰত উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : বৰপেটাৰ মন্দিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় একাংশ লোক | বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে প্ৰধান শিক্ষকগৰাকীক জগৰীয়া কৰাৰ উপৰি মধ্যাহ্ন ভোজনৰ চাউল হৰলুকী কৰাৰো অভিযোগ উত্থাপন কৰে প্ৰধান শিক্ষকৰ বিৰুদ্ধে | ৭৭২নং সুখোৱাৰঝাৰ এন চি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ময়জুদ্দিন আহমেদৰ বিৰুদ্ধে স্থানীয় একাংশই ব্যক্ত কৰে তীব্ৰ অসন্তুষ্টি | প্ৰধান শিক্ষক আহমেদৰ বিৰুদ্ধে স্বৈৰাচাৰিতা আৰু ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন কৰি স্থানীয় একাংশই শিক্ষা বিভাগক শীঘ্ৰে শাস্তিৰ দিহাৰ দাবী জনাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ, য’ত বিদ্যালয়খনৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়েও অংশ লয় | আনহাতে, প্ৰধান শিক্ষক ময়জুদ্দিন আহমেদৰ মতে তেওঁৰ বিৰুদ্ধে এয়া এক পৰিকল্পিত ষড়যন্ত্ৰহে। শিক্ষকগৰাকীৰ মতে সকলো ঠিকেই আছে, চৰকাৰী নিয়ম মতেই চলি আছে বিদ্যালয়ৰ যাৱতীয় কামৃ-কাজ | প্ৰশ্ন হয়- সঁচা কোন, মিছা কোন? কিহৰ বাবে এই অস্থিৰতা? সংশ্লিষ্ট বিভাগে এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে, সেয়াহে লক্ষণীয় |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured