পুষ্পাঞ্জলি কালচাৰেল একাডেমীৰ বাৰ্ষিক উৎসৱ-আৰংগেত্ৰম অনুষ্ঠান 

🔹 মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই

বিশেষ বাৰ্তা, ৬ মে’ : কৃষ্টি-সংস্কৃতিৰ ভব্য পথাৰখনত শাস্ত্ৰীয় নৃত্যৰ এক বিশেষ গৰিমা আৰু মৰ্যাদা আছে, যি ব্যক্তিৰ আধ্যাত্মিক আৰু নৈতিক উত্থানৰ লগতে এখন সুস্থ আৰু সভ্য সমাজ তথা দেশ গঠনত সহায় কৰে। নৃত্যই শৰীৰ, মন আৰু আত্মাৰ পুষ্টি সাধনৰ লগতে সামগ্ৰিকভাৱে সাংস্কৃতিক আৰু মানসিক শক্তি বৰ্ধনত বিশেষ অৰিহণা যোগায়। এই ক্ষেত্ৰত যোৱা তিনিটা দশক ধৰি নিৰৱচ্ছিন্নভাৱে নতুন প্ৰজন্মক নৃত্যশিক্ষা প্ৰদান কৰি অহা গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত অৱস্থিত পুষ্পাঞ্জলি কালচাৰেল একাডেমীয়ে ১৯৮৯ চনৰ পৰা এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰত্যেক বছৰে বিভিন্ন বয়সৰ শ শ ছাত্ৰীক এই একাডেমীয়ে ভাৰতীয় শাস্ত্ৰীয় নৃত্য যেনে- ভাৰত নাট্যম, সত্ৰীয়া আদিৰ শিক্ষণ আৰু প্ৰশিক্ষণ দি আহিছে। যোৱা ৩ মে’ত মাছখোৱাৰ আইটিএ চেন্টাৰত সন্ধিয়া চাৰে চাৰি বজাৰ পৰা নিশা প্ৰায় ৯ বজালৈ পুষ্পাঞ্জলি কালচাৰেল একাডেমীয়ে বাৰ্ষিক উৎসৱ আৰু আৰংগেত্ৰম অনুষ্ঠান অৰ্থাৎ শাস্ত্ৰীয় নৃত্যৰ সুদীৰ্ঘ ছয় বছৰৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি তেইশগৰাকী ছাত্ৰীক ডিপ্ল’মা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানৰ আৰম্ভণি একাডেমীৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী প্ৰয়াত পুষ্পা ভূঞাৰ আলোকচিত্ৰৰ সন্মুখত সংস্থাৰ নিৰ্দেশক নৱ কমল ভূঞাৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পণেৰে কৰা হয়। তেওঁৰ পিছতে সংগীতা ভূঞা মেহতা, একাডেমীৰ অধ্যক্ষ গুৰু অনন্যা তালুকদাৰ, শিক্ষয়িত্ৰীবৃন্দ, ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও শ্ৰদ্ধা জনায়। সম্পূৰ্ণ এক ভক্তিময় পৰিৱেশত ছাত্ৰীসকলে শ্লকম গায় আৰু গুৰুৰ চৰণত প্ৰণাম জনায়। গুৰুৱে আশীৰ্বাদ দি প্ৰতিগৰাকী ছাত্ৰীক ফুলাম গামোচা, ফল-পুষ্পমালাৰে সুসজ্জিত শৰাইৰ পৰা জুনুকা প্ৰদান কৰে। গুৰু বন্দনা আৰু শিৱকৃতিৰে আৰম্ভ কৰা নৃত্যানুষ্ঠানটোত বিভিন্ন শ্ৰেণীৰ ছাত্ৰীসকলে একাদিক্ৰমে নতুস্বৰম আৰু অলাৰিপো, ৰাসলীলা, কলিংগ নাটনম, ঝুমুৰা নাচৰ ৰামদনী, নটনম অদিনৰ, আন্দল কৌতুভম আৰু খোলবাদন পৰিৱেশন কৰে। মুখ্য অতিথি ৰূপে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু তেওঁৰ পত্নী অনিতা কাটাৰিয়া উপস্থিত থাকে। মঞ্চত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী, সত্ৰীয়া গুৰু পদ্মশ্ৰী ঘনকান্ত বৰা, গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশ উন্নিকৃষ্ণন নায়াৰ, সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত হালদাৰে। বিশেষভাৱে আমন্ত্ৰিত ডিপ্লোমা পৰীক্ষাৰ পৰীক্ষক হিচাপে সুদূৰ দক্ষিণ ভাৰতৰ চেন্নাইৰ পৰা অহা স্বনামধন্য শিল্পী পদ্মশ্ৰী লীলা চামচাং আৰু বিখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পী পৃথ্বীজা বালগোপালনৰ উপস্থিতিয়ে অনুষ্ঠানৰ শোভা বঢ়োৱাৰ লগতে সকলোকে গৌৰৱান্বিত কৰে।

সমূহ ছাত্ৰীক ডিপ্লোমাৰ মানপত্ৰ প্ৰদান কৰি নিজৰ চমু ভাষণত ৰাজ্যপালগৰাকীয়ে শাস্ত্ৰীয় নৃত্যৰ জৰিয়তে ভাৰতীয় সংস্কৃতি জীয়াই ৰখাৰ নৃত্যৰ এনে একাডেমী প্ৰতিষ্ঠা কৰা মনীষীগৰাকীলৈ নতমস্তক হৈ কয় যে ই কেৱল মনোৰঞ্জন নহয়। ১৯৮৯ চনত যেতিয়া নৃত্যাংগনা পুষ্পা ভূঞাৰ সুযোগ্য নেতৃত্বত এই কালচাৰেল একাডেমীৰ জন্ম হৈছিল, তেতিয়া অসমৰ আকাশে-বতাহে বিচ্ছিন্নতাবাদৰ ঢৌৱে এক অশান্ত পৰিৱেশৰ সূচনা কৰিছিল। একাডেমীয়ে শাস্ত্ৰীয় নৃত্য সাধনা আৰু শিক্ষাৰ যোগেদি অসমৰ নৱপ্ৰজন্মক ৰাষ্ট্ৰীয় মূলসুঁতিৰ লগত একাত্ম হোৱাত মনোনিৱেশ কৰিছিল। লগতে ভাৰত নাট্যমৰ জৰিয়তে কণ কণ শিশুৰ মনত ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষণ আৰু জাগৰণ সৃষ্টি কৰিছিল। ই এক মহান প্ৰয়াস। পুষ্পা ভূঞাৰ আদৰ্শক সাৰোগত কৰি তেওঁৰ সপোনক বাস্তৱায়িত কৰাত অধ্যক্ষ অনন্যা তালুকদাৰৰ ভূমিকা অপৰিসীম। তেওঁৰ এনে প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰি ৰাজ্যপালগৰাকীয়ে অভিনন্দন জনায়। লগতে বিশ্ববিশ্ৰুত অতিথি শিল্পীদ্বয়ৰ উচ্চস্তৰীয় অনুপম সুন্দৰ নৃত্য উপভোগ কৰাৰ সৌভাগ্য প্ৰদান কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে। অসমত এনে ধৰণৰ নৃত্যৰ অনুষ্ঠান স্বাভাৱিকতে বিৰল। লগতে সমূহ শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলক তেওঁলোকৰ সুন্দৰ নৃত্য প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰি শুভেচ্ছা জনায়। যোৱা তিনি দশকত একাডেমীৰ পৰা শতাধিক ছাত্ৰীয়ে নাচ শিকি ডিপ্লোমা পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এই বছৰ একাডেমীয়ে ৩৪সংখ্যক বৰ্ষৰ বাৰ্ষিক শাস্ত্ৰীয় নৃত্যৰ অধিৱেশনত সুদূৰ চেন্নাই নিৱাসী কলাইমামানি সন্মান, সংগীত নাটক একাডেমী আদি বহু সন্মানেৰে বিভূষিতা পদ্মশ্ৰী লীলা চেমচন আৰু তেওঁৰ অন্যতম শিষ্য পৃথ্বীজা বালগোপালনক তেওঁলোকৰ নৃত্য প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ কৰে। নিজৰ ভাষণত অনন্যা তালুকদাৰে এটা সপোন দিঠকত পৰিণত হোৱা বুলি কৈ আৱেগিক হৈ পৰে। লগতে কয় যে এই দিনটোৰ সফলতাৰ বাবে একাডেমীৰ সকলোৱে বহু কষ্ট কৰিছে। ডিপ্লোমা ডিগ্ৰীধাৰী ছাত্ৰীসকলে ৱৰ্ণম আৰু তিলানা নৃত্য পৰিৱেশন কৰাৰ পিছতে অতিথি শিল্পীৰ মনোমোহা নৃত্যই সকলোকে মুগ্ধ কৰে। পুষ্পাঞ্জলি কালচাৰেল একাডেমী, গুৱাহাটীৰ এনে ভব্য নৃত্যানুষ্ঠানে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

Featured