বিজেপি মিত্ৰজোঁটক মুকলি সমৰ্থন ৰাভা জাতীয় সংগঠনৰ

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰাক্‌মুহুৰ্তত দুধনৈ নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আজি তিনি ৰাভা জাতীয় সংগঠন ক্ৰমে নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব ল’গা গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক মুকলি সমৰ্থন জনাই এক সংবাদমেল অনুষ্ঠিত কৰে৷ আৰছুৰ সভাপতি মতিলাল বাকছ’কে এই সংবাদ মেলখনত আঁত ধৰি কয় যে কেইবাটাও কাৰণ দৰ্শাই আজি বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থীসকলক সমৰ্থন জনায় ৷ এই সংবাদমেলখনত আৰছু, ষষ্ঠ অনুসূচী দাবী সমিতি আৰু নিখিল ৰাভা মহিলা পৰিষদৰ নেতৃত্ব উপস্থিত থাকি সংবাদমেলৰ লগতে এক প্ৰেছ বিবৃত্তিত উল্লেখ কৰে যে “নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ এখন যৌথ কৰ্ণধাৰ সভা অনুষ্ঠিত হয়। এই সভাত বিশেষভাবে লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ৫নং গুৱাহাটী আৰু ১নং কোকৰাঝাৰ, ৩নং বৰপেটা আৰু ২নং ধুবুৰী লোকসভা সমষ্টিৰ ক্ষেত্ৰত এক উমৈহতীয়া সিদ্ধান্ত গ্রহণ কৰা হ’য়। উল্লেখ্য যে ৰাভা জাতিৰ মূল দাবী ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰা, এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অতি গুৰুত্বসহকাৰে আৰু এক যোগাত্মক দৃষ্টিভংগীৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাটিক সাংবিধানিক মৰ্যদা প্ৰদান কৰাৰ নিমিত্তে ইতিমধ্যে কেবিনেট সিদ্ধান্ত গ্রহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। আনহাতে নতুন শিক্ষা নীতি ২০২০ ৰ আধাৰত প্ৰাক-প্রাথমিক স্তৰত ৰাভা ভাষাক মাধ্যম হিচাপে প্রৱৰ্ত্তন কৰিবলৈ চৰকাৰখনে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি ৰাভা হাছং অঞ্চলৰ তিনিটা বিধান সভা সমষ্টি অনুসূচীত জনজাতিৰ (ST) বাবে সংৰক্ষণ কৰিছে। যোৱা ২৫ এপ্রিলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা তিনি ৰাভা জাতীয় সংগঠনৰ বৈঠকত তেখেতে পুনৰবাৰ ৰাভা জাতিৰ অমিমাংসীত সমস্যাসমূহ সমাধান কৰাৰ বাবে দিয়া আশ্বাসৰ পৰিপ্ৰেক্ষিতত আৰু কেন্দ্ৰীয় চৰকাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিকৰণৰ বুজাবুজিৰ পথ প্রশস্ত কৰাৰ স্বাৰ্থত আমি তিনি ৰাভা জাতীয় সংগঠনে বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি (গুৱাহাটী সমষ্টি) আৰু জয়ন্ত বসুমতাৰী (কোকৰাঝাৰ সমষ্টি), জাভেদ ইছলাম (ধুবুৰী সমষ্টি) আৰু ফণীভূষণ চৌধুৰী (বৰপেটা সমষ্টি)ৰ প্ৰাৰ্থী কেইগৰাকীক সমর্থন জনাইছো৷ গতিকে চাৰিওটা সমষ্টিত ৰাভা ৰাইজক উক্ত প্ৰাৰ্থী কেইগৰাকীৰ সোপক্ষে ভোট প্রদান কৰিবলৈ আহ্বান জনাইছোঁ।”

প্ৰেৰক বেনজিন বড়ো

Featured