ৰেলেৰে সাধাৰণ যাত্ৰীৰ ৰূপত ৰাহুল গান্ধী

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ছত্তিশগড় ভ্ৰমণ কৰে। ৰেলযোগে সাধাৰণ যাত্ৰা কৰাৰ ছবি আৰু ভিডিঅ’ পোহৰলৈ আহিছে। ৰেলত তেওঁক সাধাৰণ মানুহৰ মাজত বহি কথা পাতি থকা দেখা যায়। চলিত বৰ্ষৰ শেষত ছত্তিশগড়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। বিশ্বাস কৰা হয় যে নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে ৰাইজৰ মাজলৈ গৈ ৰাইজৰ স্পন্দন অনুভৱ কৰিবলৈ চেষ্টা কৰিছে।ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কংগ্ৰেছৰ অফিচিয়েল হেণ্ডেলৰ এখন ছবি পোষ্ট কৰাৰ সময়তে কোৱা হৈছিল যে ৰাহুল গান্ধী বিলাসপুৰৰ পৰা ৰায়পুৰলৈ গৈ আছে। তেওঁক ‘জননায়ক’ বুলি সম্বোধন কৰা হৈছে। একে সময়তে সংবাদ সংস্থা এএনআইয়ে পোষ্ট কৰা এটা ভিডিঅ’ত ৰে’লৰ শ্লীপাৰ ক্লাছৰ ব’গীত যাত্ৰীসকলৰ মাজত ৰাহুল গান্ধীক দেখা গৈছে, তেওঁ ৰাইজৰ শুভেচ্ছা গ্ৰহণ কৰি আছে আৰু একাংশ লোকে তেওঁৰ লগত মোবাইলৰে চেলফি তুলিবলৈ চেষ্টা কৰিছে। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি আজি বিলাসপুৰ জিলাৰ তাখাটপুৰ উন্নয়ন খণ্ডৰ পাৰ্ছাদা গাঁৱলৈ ৰাজ্য চৰকাৰৰ গৃহ ন্যায় সন্মিলন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ৰাহুল গান্ধী আহিছিল। তাতে তেওঁ এখন সভাত ভাষণ দিয়ে, তাৰ পিছত বিলাসপুৰ ৰেলৱে ষ্টেচন পালে আৰু ৰায়পুৰলৈ যাবলৈ ইন্টাৰচিটি এক্সপ্ৰেছ ৰেলখন ধৰিলে। ৰাহুল গান্ধীৰ লগতে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, কংগ্ৰেছৰ ৰাজ্যিক প্ৰভাৰী কুমাৰী চেলজা, ৰাজ্যিক দলৰ মুৰব্বী দীপক বাইজকে ধৰি অন্যান্য নেতাসকলকো ৰেলযোগে যাত্ৰা কৰা দেখা যায়। সূচী অনুসৰি ৰাহুল গান্ধীয়ে যিখন ৰে’লেৰে ৰায়পুৰলৈ ৰাওনা হয়, সেইখন ৰে’লৰ আগমনৰ সময় সন্ধিয়া ৫:৪৫ বজাত। চলিত মাহৰ আৰম্ভণিতে ছত্তিশগড়ৰ মাজেৰে চলি থকা বহু ৰে’ল বাতিলৰ বাবে কংগ্ৰেছে ৰাজ্যজুৰি ৰে’ল ৰোকো প্ৰতিবাদৰ আয়োজন কৰিছিল।

Featured