হিন্দুবিৰোধী মন্তব্যৰ প্ৰতিবাদত ধুবুৰীত ৰাহুল গান্ধীৰ জুমুঠি দাহ

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ সংসদত হিন্দু সম্প্ৰদায়বিৰোধী মন্তব্য কৰাৰ অভিযোগত ধুবুৰীত কংগ্ৰেছৰ শীৰ্ষ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰে হিন্দু সমাজে। হিন্দু সমাজৰ উদ্যোগত ধুবুৰী চহৰৰ ধানপট্টী অঞ্চলৰ সমীপত প্ৰতিবাদী কাৰ্যসূচীত ৰাহুল গান্ধীবিৰোধী বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। লগতে বিৰোধী ৰাহুল গান্ধীক বিৰোধী দলপতিৰ পদৰ পৰা পদত্যাগ কৰিবলৈও দাবী জনায় হিন্দু সমাজে আৰু অন্তত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured