সাপেখাতীত ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ বিজেপি অ’বিচি জিলা সমিতিৰ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ সাপেখাতী মণ্ডল বিজেপিৰ কৰ্মকৰ্তাসকলে আজি দিনৰ ১২ বজাত সাপেখাতী চাৰিআলিত কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে ঔড়িশাৰ এখন জনসভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাগজৰ অ’ বি চি বুলি ৰাজহুৱাভাৱে যি মন্তব্য আগবঢ়াইছিল, তাৰ প্ৰতিবাদত চৰাইদেউ জিলা বিজেপি অ’ বি চি সমিতিৰ উদ্যোগত বিজেপি কৰ্মকৰ্তাসকলে আজি সাপেখাতী চাৰিআলিত ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰে। বিজেপিৰ শতাধিক কৰ্মকৰ্তাই ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰি কংগ্ৰেছ দল হায় হায়, ৰাহুল গান্ধী মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, বিজেপি জিন্দাবাদ আদি শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে। আজি প্ৰতিবাদস্থলীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য হৰেন কাকতি, সাপেখাতী বিজেপি মণ্ডল সমিতিৰ সভাপতি জয়ন্ত বৰুৱা, সাপেখাতী অ’বিচি সভাপতি মণিৰাম গগৈ, যুৱ নেতা শংকৰ বড়া, গণেশ বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।
প্ৰেৰক ৰাজীৱ কলিতা
Featured