এৰাবাৰীত পৰিণত লাহোৱালৰ ৰাজীৱ ভৱন

নিয়মীয়া বাৰ্তা, ২৬ ফ্ৰেব্ৰুৱাৰীঃ অসমত কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসন কালত জিলিকি থকা লাহোৱালৰ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয় অৰ্থাৎ ৰাজীৱ ভৱনতো কংগ্ৰেছৰ হাতৰ পৰা শাসনভাৰ যোৱাৰ পিছতে এতিয়া  যেন এৰাবাৰীলৈ পৰিণত হ’ব ধৰিছে ৷ লাহোৱালৰ বকুলস্থিত ৰাজীৱভৱনৰ চাৰিওকাষ বাঁহ গছৰ পাতেৰে পৰিপূৰ্ণ হৈ পৰাৰ লগতে কাৰ্যালয়টোৰ দ্বিতীয় মহলাও প্ৰায় উৱলি যোৱা পৰিলক্ষিত হৈছে৷ একালত কংগ্ৰেছৰ দলীয় নেতা কৰ্মীয়ে গিজগিজাই থকা লাহোৱাল ব্লক কংগ্ৰেছৰ ৰাজীৱ ভৱনটোত এতিয়া নৰমনিষ এটাও পাবলৈও কঠিন বুলিব পাৰি৷ ইয়াৰ উপৰি লাহোৱাল ব্লক কংগ্ৰেছ কাৰ্যালয়টোৰ মূল তোৰণখনো মন কৰিলে পুতৌলগা। কিয়নো তত্বাৱধানৰ অভাৱত মূল তোৰণখনত ইমানেই মামৰে ধৰিছে যে  “ৰাজীৱ ভৱন” নামটো নিচিহ্ন হৈ পৰিছে।

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

Featured