ধুবুৰীত ৰকিবুল হুছেইন নিশ্চিতভাৱে হাৰি আছে : আজমল

🔴ধুবুৰীত চতুৰ্থবাৰৰ বাবে বিজয়ী হোৱাৰ দাবী এআইইউডিএফ ছুপ্ৰিমোৰ

নিয়মীয়া বাৰ্তা, ৯ মে’ : ধুবুৰী লোকসভা সমষ্টিৰ পৰা পুনৰ বিজয়ী হোৱাৰ দাবী এআইইউডিএফ ছুপ্ৰিমো তথা লোকসভা সমষ্টিটোৰ এআইইউডিএফ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীৰ নিউ মাকোর্টস্থিত বাসগৃহত উপস্থিত সাংবাদিকৰ সন্মুখত ধুবুৰীত পুনৰ বিজয়ী হোৱাৰ প্ৰসংগত তেওঁ কয় যে, “আমাৰ দল তিনিবাৰ বিজয়ী হৈছে আৰু এইবাৰো জিকিবলৈ গৈ আছে; কেৱল ঘোষণাহে বাকী; ৪ তাৰিখে ১২ বজাৰ ভিতৰত ঘোষিত হৈ যাব – এআইইউডিএফ চতুৰ্থবাৰ বিজয়ী হ’ল।” তেওঁৰ প্ৰতিদ্বন্দ্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে বিজয়ী নহ’লে পদত্যাগ কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ এক সাম্প্রতিক মন্তব্যক লৈ কৰা সাংবাদিকৰ এক প্ৰশ্নত আজমলে কয় যে “ৰকিবুল হুছেইন নিশ্চিত ভাবে হাৰি আছে। তেখেতক কওক মিডিয়াৰ মাধ্যমেৰে, যাতে পদত্যাগ পত্ৰ তৈয়াৰ ৰাখে আৰু ৪ তাৰিখে ১২ বজাত তেখেতে পদত্যাগ পত্ৰ দি দিবলৈ।” আনহাতে আৰজেডি নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদবে সম্প্ৰতি উত্থাপন কৰা মুছলমানৰ সংৰক্ষণৰ বিষয়টোৰ প্ৰসংগত বদৰুদ্দিন আজমলৰ ভাষ্য, “এয়া বৰ শুভলক্ষণ- লালুজীয়ে এই দাবী জনাইছে মুছলমানক সংৰক্ষণ লাগে। আমাকো লাগে- ৫০ বছৰৰ পৰা নেতাসকল, ডাঙৰ মানুহে কৈ আহিছে আৰু অইন ধৰ্মনিৰপেক্ষ দলে প্ৰতিশ্ৰুতিও দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈ ৰ’ল। লালুজীৰ দাবীক অমি সমৰ্থন কৰোঁ। আমাকো মুছলমানৰ সংৰক্ষণ লাগে।”

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured