ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অশনি সংকেত : ড০ হিমন্ত বিশ্ব শৰ্মা

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ৬ জুনঃ ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনে দহ লাখতকৈ অধিক ভোটত জয়ী হৈছে৷ ৰকিবুল হুছেইনৰ এই বিজয়ে অসমৰ বাবে অশনি সংকেত। এইবাৰ নিৰ্বাচনৰ ফলাফলে নামনি অসম আৰু মধ্য অসমৰ জনগাঁথনি কিমান ভয়াৱহ তাকে প্ৰমান কৰিছে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী ঠাকুৰবিলা গাঁৱৰ প্ৰয়াত পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হৈ সংবাদমাধ্যমৰ আগত মন্তব্য কৰি কয় যে এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলে নামনি অসম, মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই তাক লৈ চিন্তা হৈছে। ধুবুৰীত দহ লাখ ভোটত জয়ী হৈছে কংগ্ৰেছে৷ তাত হিন্দু মানুহে ভোট দিয়া নাই৷ ধুবুৰীৰ ফলাফলে প্ৰমান কৰিছে যে অনাগত সময়ত জাতীয় জীৱনৰ সংকট কিমান। নগাঁও লোকসভা সমষ্টিৰ আটাইকেইটা বিধানসভা সমষ্টিত বিজেপিয়ে লীড লৈছে। কিন্তু লাহৰীঘাট, ধিং, ৰূপহী আৰু চামগুৰি এই চাৰিটা সমষ্টিত দুই-আঢ়ৈ লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে। তাৰমানে অলপ অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশ কিমান ভয়াৱহ হব পাৰে তাৰ ইংগিত দিছে । আজি গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছে চাৰি লাখ ভোট পাইছে৷ মানুহে ভাবিছে গুৱাহাটীৰ মানুহে ভোট দিছে কিন্তু কংগ্ৰেছক ভোট দিছে গৰৈমাৰী, টুপামাৰী, সোনতলী আদি উত্তৰ কামৰূপৰ মুছলমান অধ্যুষিত অঞ্চলৰ ভোটাৰে। তাৰ বিপৰীতে আন বাকী সমষ্টিবোৰত ১০-১২ হাজাৰ কংগ্ৰেছে ভোট পাইছে। আজি দলগাঁৱ সমষ্টিত কংগ্ৰেছে লীড লৈছে ডেৰ লাখ ভোটত, পাকা বেতবাৰী এক লাখ ত্ৰিছ হাজাৰ ভোট পাইছে। এতিয়া কথা হ’ল সাম্প্ৰদায়িকতাবাদ ক’ত আছে। কোনে কৰিছে সাম্প্ৰদায়িকতা৷ আমাৰ হিন্দু পলিং বুথত ভোট সকলোকে ভগাই দিছে। অগপ, কংগ্ৰেছ সকলো দলে কম বেছি ভোট পাইছে। আজমলেও কেতিয়াও দহ লাখ ভোটত জয়ী হোৱা নাছিল। যোৰহাটত আমি আগতেও ভাল কৰা নাই। আমি ৯৪ টা বিধানসভা সমষ্টিত জয়ী হৈছো। যোৰহাটত সাম্প্ৰদায়িকতাবাদ নাই কিন্তু নগাঁও আৰু ধুবুৰীত ভয়াৱহ নিৰ্বাচনী ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত দুৰ্বল কাঠামোৰ ওপৰত যে আছে তাকেই প্ৰমান কৰিছে। আজি যদি বিজেপি বা ৰাষ্ট্ৰবাদী বা জাতীয়তাবাদী মানুহখিনিৰ প্ৰত্যাহ্বান নাথাকে তেন্তে অসমখন ধুই লৈ যাব। অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় সেয়া যোৰহাটে প্ৰমান কৰিছে। এইবাৰৰ নিৰ্বাচনে এই কথা স্পষ্ট কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়। মুছলমান সমাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজন আছে। ধুবুৰীবাসী মানুহখিনিৰ লগত আমি আছোঁ। যিসকলে নিৰাপত্তাৰ অনুভৱ কৰিছে তেওঁলোকৰ পক্ষত আমি আছোঁ।

প্ৰেৰক উদিত নাৰায়ণ কলিতা

Featured