ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা : বিজেপিৰ কৃষক মৰ্চা অসম প্ৰদেশৰ মাটিৰ চাকি বিতৰণ

বিশেষ বাৰ্তা, ২২ জানুৱাৰী : ৫০০ বছৰৰ অপেক্ষাৰ অন্তত আজি দেশবাসী সাক্ষী হ’ল বহু প্ৰত্যাশিত দিনটোৰ। অৱশেষত আজি অযোধ্যাত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হয়। প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত কেইবাসহস্ৰ ৰামভক্তৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ প্ৰতিষ্ঠাৰ মূল পূজা সম্পন্ন কৰে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া বন্তি জ্বলাবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত আৰু কৃষক মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ সহযোগত মাটিৰ চাকি‌ বিতৰণ কৰা হয়। কৃষক মৰ্চা অসম প্ৰদেশে আজিৰ গুৱাহাটী মহানগৰ জিলাৰ গণেশগুৰি অঞ্চলত সৰ্বসাধাৰণ লোকৰ মাজত কমেও ৪০০০ মাটিৰ চাকি‌ বিতৰণ কৰে । আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ৰাইজক মাটিৰ চাকি‌ জ্বলাবলৈ আহ্বান জনায় কৃষক মৰ্চাই। এই অনুষ্ঠানত ভাগ লয় কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, সম্পাদক বিতোপন দলে, অসমী বৰা, গৌতম দাস, হৃষীকেশ কলিতা আৰু কৃষক মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ ভালেমান বিষয়ববীয়াই।

Featured