হাতীৰ ছবিত ভোট দিবলৈ আহ্বান ৰঞ্জিত ভট্টাচাৰ্যৰ

বিশেষ বাৰ্তা, ৩০ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টী শিঙিমাৰী গাঁও পঞ্চায়তৰ অস্থায়ী মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয়টি কালি শুভ উদ্বোধন কৰা হয়। সেই শুভ ক্ষণত উপস্থিত থাকে অসম ৰাজ্যিক কিষান মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, শুৱালকুছি মণ্ডলৰ সভাপতি ধীৰাজ মহন্ত, সাধাৰণ সম্পাদক মানিক দাস, যুৱ মৰ্চাৰ সভাপতি ৰাজীৱ দাসৰ লগতে দলৰ গণ্যমান্য ব্যক্তি তথা কাৰ্য্যকৰ্তাসকল। কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশ লৈ ৰঞ্জিত ভট্টাচাৰ্যই বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী পঞ্চায়তৰ সকলো ভোটাৰ ৰাইজক মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শক্তি বৃদ্ধি আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰি ভাৰতবৰ্ষক উন্নয়নশীল দেশ হিচাপে গঢ় দিবলৈ আমি সকলোৱে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক সৰহসংখ্যক ভোটত জয়ী কৰাব লাগিব৷ দেশৰ প্ৰগতি আৰু উন্নয়ন চিৰপ্ৰবাহমান গতিত আগবঢ়াই নিবলৈ সকলোৱে ঐক্যবদ্ধভাৱে ভোট দিবলৈ ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁ আহ্বান জনায় ৷
প্ৰেৰক দিলীপ মেধি
Featured