শোণিতপুৰত ৰঞ্জিত দত্তক প্ৰাৰ্থিত্ব : বিহালীৰ বাসগৃহত শুভাকাংক্ষীৰ ভিৰ

বৰগাঙৰ পৰা অমিতাভ বৰুৱা, ৩ মাৰ্চ : এশ শতাংশই নিশ্চিত আছিল যদিও চূড়ান্ত হল বিহালী সমষ্টিৰ বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্তৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব। তেওঁক প্ৰাৰ্থিত্ব প্ৰদানৰ পিছতে বিহালী সমষ্টিৰ বিহালী আৰু বাঘমৰা দুয়োটা মণ্ডলৰ দলীয় কৰ্মী তথা কার্যকৰ্তাসকল উৎফুল্লিত হৈ পৰে। কালি সন্ধিয়া বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিজেপিৰ বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি পংকজ বৰা, বৰ্তমানৰ সভাপতি দিগন্ত ঘটোৱাৰ, সম্পাদক অসীম কুমাৰ দাস, প্ৰমুখ্যে তৰুণ তাঁতী, অজয় দাস, প্ৰিন্স ভূঞা, দীপিকা ঢাকাল, অৰোপ কুমাৰ দাস,সুমিত বসু, মুনীন্দ্ৰ দাস, নিপুল শইকীয়া, সুভাষ আগৰৱালাকে আদি কৰি একাধিক দলীয় কৰ্মী ৰঞ্জিত দত্তৰ বাসগৃহলৈ আহি গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ফটকা আদি ফুটাই আনন্দ উল্লাস কৰে। প্ৰাৰ্থীত্ব লাভ কৰি ৰঞ্জিত দত্ত নিজৰ অভিব্যক্তি প্ৰকাশ কৰি কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্রীয় সভাপতি জে, পি নাড্ডা, লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। শোণিতপুৰ লোকসভাৰ অন্তৰ্গত ৯টা বিধানসভাৰ ৮টা বিধানসভা সমষ্টিয়েই বিজেপিৰ দখলত আছে। গতিকে ৰাইজে নিশ্চিতভাবে সাংসদগৰাকীক জিকাই অনাত পক্ষপাতী আৰু বিশেষ চিন্তা কৰিবলগীয়া একো নাই। দলীয় কাৰ্যকৰ্তাসকলৰ ওপৰতো বিশ্বাস আছে। সকলোৱে নিশ্চয় একগোট হৈ কাম কৰিব যিয়ে জিকি অহাত যথেষ্টখিনি অৰিহণা যোগাব বুলি তেওঁৰ বিশ্বাস। জিকাটো নিশ্চিত পিছে কিমান ভোটৰ ব্যৱধান হব সেইটো নিৰ্ভৰ কৰিব দলীয় কৰ্মী সকলৰ ওপৰত। আনহাতে আজি পুৱাৰে পৰা শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহ দলীয় কৰ্মী কার্যকর্তা, শুভাকাংক্ষীৰে ভৰি পৰে। নানান অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জনোৱাৰ উপৰি বিহালী সমষ্টিৰ পৰা প্ৰতিদণ্ডিতা কৰা দুজন প্ৰাৰ্থী ক্ৰমে নগেন গোৱালা আৰু জয়ন্ত বৰা উপস্থিত হৈ ৰঞ্জিত দত্তক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে, নগেন গোৱালাই ২০০৬ চনত কংগ্ৰেছৰ হৈ নিৰ্বাচনত বিজেপিৰ ৰঞ্জিত দত্তৰ বিৰুদ্ধে  প্ৰতিদণ্ডিতা কৰি প্ৰায় ২০,০০০ ভোট লাভ কৰিছিল আৰু যোৱা বিধানসভা নিৰ্বাচনত জয়ন্ত বৰাই নিৰ্দলীয় ভাবে প্ৰতিদণ্ডিতাত অৱতীৰ্ণ হৈ প্ৰায় ২৪,০০০ বহুত লাভ কৰিছিল। অৱশ্যে এতিয়া দয়োয়ে বিজেপিত যোগদান কৰে যিয়ে ৰঞ্জিত দত্তৰ স্থিতি আৰু অধিক মজবুত কৰিব বুলি প্ৰতিপন্ন হৈছে।
Featured