বিচাৰাধীন গোচৰৰ ফেচবুক পোষ্ট দি বিপদত কৰিমুদ্দিন বৰভূঞা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ বিচৰাধীন গোচৰ সন্দর্ভত ছ’চিয়েল মিডিয়াত প’ষ্ট দি উচ্চতম ন্যায়ালৰ ৰোষত পৰিছে এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা৷ বিধায়কজনৰ দায়িত্বহীন কাণ্ডত ক্ষুন্ন হৈ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ন্যায়াধীশ বেলা ত্রিবেদীৰ খণ্ড বিচাৰপীঠে আদালত অৱমাননাৰ গোচৰ গ্রহণ কৰি পৰৱর্তী শুনানিত তেওঁক সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিছে৷ চাৰি সপ্তাহৰ পাছত গোচৰটোৰ শুনানি উচ্চতম ন্যায়ালয়ে পুনৰ গ্রহণ কৰিব৷ উল্লেখ্য যে শিক্ষাগত অর্হতাক লৈ নির্বাচন আয়োগক ভুল তথ্য দাখিল কৰাৰ অভিযোগেৰে কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে৷ দীর্ঘদিনীয়া শুনানিৰ অন্তত গোচৰটোৰ ৰায়দান যোৱা ২০ মার্চত স্থগিত ৰখা হৈছিল৷ কিন্তু বিধায়ক বৰভূঞাই একেদিনাই এটা ফেচবুক প’ষ্টৰ জৰিয়তে প্রকাশ কৰে যে উচ্চতম ন্যায়ালয়ে তেওঁৰ পক্ষত ৰায়দান কৰিছে৷ বিষয়টো উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে বিধায়কজনৰ এই কাণ্ডক অত্যন্ত গুৰুত্ব সহকাৰে গ্রহণ কৰি তেওঁৰ বিৰুদ্ধে আদালত অৱমাননাৰ জাননী প্রেৰণ কৰে৷ বিধায়কজনৰ এই কার্যত গভীৰ উদ্বেগ প্রকাশ কৰি উচ্চতম ন্যায়ালয়ে কয় যে ন্যায়ালয়ত বিচৰাধীন গোচৰ সন্দর্ভত বার্তা, মন্তব্য, প্রবন্ধ আদি প’ষ্ট কৰি ছ’চিয়েল মিডিয়াৰ সঘন অপব্যৱহাৰ হৈ আহিছে৷ যাৰ ফলত ন্যায়ালয়ৰ বিচাৰ প্রক্রিয়াত প্রভাৱ পৰাৰো শংকা ব্যক্ত কৰা হৈছে৷ বিচৰাধীন আইনী বিষয়ত মতামত প্রকাশ কৰি সামাজিক মাধ্যমত প’ষ্ট প্রদান কৰাৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰাৰ কথাও উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সোণাই সমষ্টিত বিধানসভা নির্বাচনত পৰাজিত হোৱা প্রার্থী আমিনুল হক লস্কৰে বৰভূঞাৰ বিৰুদ্ধে প্রথমে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন নির্বাচনী আবেদন দাখিল কৰিছে৷ পৰৱর্তী সময়ত বৰভূঞাই এই আবেদনখন খাৰিজ কৰাৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ইণ্টাৰল’কুটৰী আবেদন দাখিল কৰে৷ কিন্তু এই আবেদন খাৰিজ কৰে৷ ইয়াৰ পাছতে কৰিমুদ্দিন বৰভূঞা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ দীর্ঘদিনীয়া শুনানিৰ অন্তত ২০ মার্চত গোচৰটোৰ ৰায়দান স্থগিত ৰাখে৷ অৱশ্যে পৰৱর্তী সময়ত যোৱা ৮ এপ্রিলত গোচৰটোৰ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে বৰভূঞাৰ বিৰুদ্ধে দাখিল কৰা নির্বাচনী আবেদন খাৰিজ কৰে৷ কিন্তু লক্ষণীয়ভাৱে ৮ এপ্রিলৰ পূর্বে ৰায়দান স্থগিত ৰখাৰ দিনাই অর্থাৎ ২০ মার্চতে বৰভূঞাই সামাজিক মাধ্যমৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে তেওঁৰ সপক্ষে ৰায়দান কৰা বুলি মন্তব্য কৰে৷ সামাজিক মাধ্যমৰ এই অপব্যৱহাৰত ক্ষুন্ন হৈ উচ্চতম ন্যায়ালয়ে বিধায়কজনৰ বিৰুদ্ধে আদালত অৱমাননাৰ বিচাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷

Featured