৭ অক্টোবৰত আৰক্ষীৰ বিভিন্ন পর্যায়ৰ ৫ হাজাৰ পদত নিযুক্তিৰ বিজ্ঞাপন : ড০ শর্মা

🔹 ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীলৈ সুখবৰ
🔹 অক্টোবৰ মাহতে ২২ হাজাৰ পদৰ বিজ্ঞাপন

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰ : ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলৰ বাবে সুখবৰ৷ অহা ৭ অক্টোবৰত অসম আৰক্ষীৰ বিভিন্ন পর্যায়ত ৫ হাজাৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ পাব৷ এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কালি দেৰগাঁৱত সংবাদ মাধ্যমৰ আগত সেই কথা প্রকাশ কৰি কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে অসম আৰক্ষীক এটাও পদ খালী নথকা পুলিচ ফ’ৰ্চলৈ ৰূপান্তৰ কৰিবৰ বাবে নিৰন্তৰ কাম কৰি আহিছে৷ আনহাতে অহা অক্টোবৰ মাহত পুনৰ ২২ হাজাৰ চাকৰিৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই নিযুক্তি সম্পন্ন হোৱাৰ লগে লগে বর্তমানৰ ৰাজ্য চৰকাৰৰ দিনত নিযুক্তিপ্রাপ্তৰ সংখ্যাই ১ লাখ ১০ হাজাৰৰ সংখ্যা স্পর্শ কৰিব৷ উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনৰ সময়ত বিজেপি দলে ক্ষমতালৈ আহিলেই ৰাজ্যখনৰ এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত ২০২১ৰ ১০ মে’ত চৰকাৰ গঠনৰ পিছতেই প্রথমখন কেবিনেট বৈঠকতে এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে সেই সিদ্ধান্ত কার্যকৰীকৰণৰ পদক্ষেপ গ্রহণ কৰে৷ সেই সময়ত ৰাজ্যখনত ক’ভিড পৰিস্থিতিৰ বাবে সিদ্ধান্ত ৰূপায়ণত কিছু সমস্যাৰ সৃষ্টি হয়৷ কিন্তু ক’ভিড পৰিস্থিতি উপশম হোৱাৰ লগে লগে চৰকাৰে সেই প্রতিশ্রুতি ৰক্ষাৰ বাবে পদক্ষেপ গ্রহণ কৰে৷ ইতিমধ্যে ৰাজ্য চৰকাৰখনে সম্পূর্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে অকল মেধাৰ ভিত্তিত ৮৭ হাজাৰ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিবলৈ সক্ষম হয়৷ ৰাজ্য চৰকাৰে অহা অক্টোবৰ মাহত পুনৰ ২২ হাজাৰ নিযুক্তিৰ বিজ্ঞাপন প্রকাশ কৰিব৷ এই নিযুক্তি সম্পূর্ণ হোৱাৰ লগে লগে নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি ১০০ শতাংশ ৰূপায়ণ হোৱাই নহয়, ১ লাখৰ সীমা অতিক্রম কৰিব৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বর্তমানৰ চৰকাৰ এক লাখ নিযুক্তিতে সীমাবদ্ধ নাথাকে৷ প্রত্যেক বছৰে ৰাজ্য চৰকাৰে নিযুক্তি প্রদান কৰি যাব৷ আনকি বর্তমানৰ ৰাজ্য চৰকাৰে অহা ৩ বছৰৰ ভিতৰত ৰাজ্যখনত পুনৰ এক লাখ যুৱক–যুৱতীক নিযুক্তিৰ লক্ষ্য স্থিৰ কৰিছে৷

Featured