ৰেড জনৰ পৰা প্ৰত্যাহাৰ নলবাৰী আৰু গোলাঘাট জিলা

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে যে নলবাৰী আৰু গোলাঘাট জিলাক ৰেডজন প্ৰত্যাহাৰ কৰা হৈছে আৰু গ্ৰীণ জনত অন্তৰ্ভুক্ত হৈছে। আজি নলবাৰী জিলাত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে যোৱা ২৮ দিনৰ পৰা দুয়োখন জিলাত নতুনকৈ কোনো এজন লোক ক’ৰোনাত আক্ৰান্ত হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত অচিৰেই এই দুয়োখন জিলা ৰেড জনৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব।
আনহাতে মন্ত্ৰী গৰাকীয়ে ৰাইজক আহ্বান জনাই কয় যে সকলো লোকে সাৱধানতা অৱলম্বন কৰক আৰু মুখত মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখকক ।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, নলবাৰী, আৰু গোলাঘাট জিলাক ৰেড জনত অন্তৰ্ভুক্ত কৰিছিল।

Comments (0)
Add Comment