প্ৰখ্যাত শিক্ষাবিদ নিশান্ত প্ৰকাশক অসমৰ নতুন শিক্ষা নীতি ৰূপায়ণৰ বাবে সমিতিত অন্তৰ্ভুক্ত

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ ৰাজ্যৰ প্ৰধান শিক্ষা সচিবৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণৰ বাবে গঠন কৰা আৰু কাম কৰা উচ্চ পৰ্যায়ৰ সমিতিত বিশিষ্ট শিক্ষাবিদ নিশান্ত প্ৰকাশক নামকৰণ কৰা হৈছে। নিশান্ত হৈছে ভাৰতৰ আইনী শিক্ষা সংস্কাৰৰ দিশত কাম কৰা দেশৰ অন্যতম অগ্ৰণী শিক্ষাবিদ।

ৰাষ্ট্ৰীয় শিক্ষা নীতি (২০২০)ৰ নিৰ্দেশনা অনুসৰি অসমৰ বাবে শিক্ষা নীতি স্পষ্ট আৰু বলবৎ কৰিবলৈ গঠন কৰা এই পেনেলত ৭৩ জন বিশিষ্ট লোকৰ ভিতৰত অসমকন্যা হিমা দাস, অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ লন শইকীয়া আৰু বিজ্ঞানী উদ্ধৱ ভৰালীও আছে।

অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে সমিতিৰ সদস্যসকলে নতুন সংস্কাৰী নীতিৰ সৈতে অসমৰ শিক্ষাখণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত নিৰন্তৰভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। নিশান্তে আমাৰ সৈতে সহযোগ কৰাৰ বাবে আমি আনন্দিত হৈছো আৰু শিক্ষাখণ্ডত কাম কৰা তেওঁৰ জ্ঞান আৰু দক্ষতাই বৰ্তমানৰ পেনেলটো আৰু অধিক শক্তিশালী কৰিব।