ডিব্ৰুগড়ত ৰিংবান্ধৰ কাষ চাপিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া

🔹 বিনিদ্ৰ ৰজনী কটাইছে ২৫ খন গাঁৱৰ ৰাইজে

বিশেষ বাৰ্তা, ৩১ মে’ : বিগত দিনকেইটাত বৰলুইতৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ হৈছে। ইফালে, ডিব্ৰুগড়ত ৰিংবান্ধৰ কাষ চাপিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। ফলত বিনিদ্ৰ ৰজনী কটাবলগীয়াত পৰিছে হাজাৰ হাজাৰ গঞাই। চহৰখনৰ উপকন্ঠ টিংখাং মাটিকটা গাঁৱত হৈ থকা ভয়ংকৰ খহনীয়াই ২৫খন গাঁৱলৈ অশনি সংকেত নমাই আনিছে।জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা চলাই থকাৰ মাজতে অব্যাহত থকা খহনীয়াক লৈ একপ্ৰকাৰ আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। জিঅ’বেগ, পাৰ্কুপাইন ইত্যাদিয়েও ফল নধৰাত আসন্ন বিপদৰ আগজাননী পাই স্থানীয় ৰাইজৰ মাজত শংকা বৃদ্ধি পাইছে। ইফালে, বিগত দুদিন ধৰি ডিব্ৰুগড়ত দি থকা নেৰানেপেৰা বৰষুণৰ বাবে উফন্দি উঠিছে বৰলুইতৰ জলস্তৰ।যাৰ বাবে অধিক ভয়ংকৰ হৈ উঠিছে ব্ৰহ্মপুত্ৰৰ খহনীয়া। ইতিমধ্যে বিভাগে জিঅ’বেগ আৰু পাৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰচেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই। ইফালে, ধাৰাবাহিকভাৱে হৈ থকা খহনীয়াৰ বাবে ৰিংবান্ধ স্পৰ্শ কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে। প্ৰায় ২৫ খন গাঁৱৰ ৰাইজৰ একমাত্ৰ সুৰক্ষাকৱচ মোহনাঘাট-বগীবিল আইথান সংযোগী ৰিংবান্ধটোলৈ মাত্ৰ ৭ মিটাৰ দূৰত্বত অৱস্থান কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে খহনীয়া ইমানেই ভয়াৱহ হৈ উঠিছে যে ইতিমধ্যে টালি-টোপোলা বান্ধি নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ সাজু হৈছে টিংখাং মাটিকটা গাঁৱৰ নৈপৰীয়া। এই পৰ্যন্ত অঞ্চলটোৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে কোনোধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষ কিম্বা জিলা প্ৰশাসনে। আনহাতে, সময় থাকোঁতেই টিংখাং মাটিকটাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে কেৱল ২৫খন গাঁৱৰ মানুহৰ বাবে নহয়, ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈও বিপদ নামি আহিব।এতিয়া সহস্ৰজনৰ জীৱনৰ প্ৰতি ভাবুকিৰ লগতে একমাত্ৰ ৰিংবান্ধৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই।

প্ৰেৰক বিভাস দুৱৰা

Featured