গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনী ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ ২০২৪-২৫ বর্ষৰ সাধাৰণ নিৰ্বাচন কালি অনুষ্ঠিত হোৱাৰ পিছত আজি বিয়লিলৈ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। এইবেলি অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ১৫টা পদৰ বিপৰীতে ৩৪গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছিল। আজি ঘোষিত ফলাফল অনুযায়ী সভাপতি পদত মানস প্ৰতীম কলিতা, উপ-সভাপতি পদত উদীপ্ত বায়ন, সাধাৰণ সম্পাদক পদত কৌশিক বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক পদত নৈমিষা শইকীয়া, সাহিত্য বিভাগৰ সম্পাদক পদত প্ৰাণজিৎ কোচ, সংগীত বিভাগৰ সম্পাদক পদত নিবেদিতা কলিতা, সাংস্কৃতিক সম্পাদক পদত বন্দিতা ডেকা, তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক পদত মিন্টু ডেকা, গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক পদত দ্বীপজ্যোতি শৰ্মা, লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদত উজ্জ্বল কলিতা, ক্ৰীড়া বিভাগৰ সম্পাদক পদত ৰোচন কুমাৰ চাহু, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত বিৰোদ বড়ো, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদত অনিন্দিতা শিৱম, শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত প্ৰিয়াংক বৰ্মন, সমাজসেৱা বিভাগৰ সম্পাদক পদত দ্বীপজ্যোতি চহৰীয়াই জয় লাভ কৰিছে। উল্লেখনীয় যে এইবেলি কোনো এগৰাকী প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত নহ’ল। নিৰ্বাচনত মুঠ ৬০.৭ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ নিশ্চিত কৰে। মুঠ ভোট আছিল ৪০৮৫। ইয়াৰে ২৪৮৩গৰাকী ভোটাৰে ভোটদান কৰিছিল। উল্লেখ্য যে আজি পুৱা ৯ বজাৰ পৰা বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈ বিয়লি প্ৰায় তিনি বজাত আনুষ্ঠানিকভাৱে গণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। ফলাফল ঘোষণা হোৱাৰ লগে-লগে বিশ্ববিদ্যালয় চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

Featured