ক’ল ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী  দিলীপ গগৈৰ বিয়োগ

🔹 তিনিচুকীয়া জিলা সাংবাদিক সন্থাকে ধৰি বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২৭ মে’ : উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মাৰ্ঘেৰিটা মাকুম পথাৰ নিৱাসী দিলীপ গগৈ (৬৬)ৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত  চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তেওঁক প্ৰেচাৰ ষ্ট্ৰ’ক হোৱা বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । উল্লেখ্য যে প্ৰয়াত গগৈ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপ-সভাপতি মানস প্ৰতিম গগৈ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ  অধিবক্তা মানৱ জ্যোতি গগৈৰ পিতৃ। কালি বিয়লি গগৈৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ মাকুম পথাৰ অঞ্চলত শোকৰ ছাঁ পৰে । সৰবৰহী, অমায়িক ব্যক্তিগৰাকীৰ বিয়োগত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলা সাংবাদিক সন্থা আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে গভীৰ শোক প্ৰকাশ কৰি শোকবাৰ্তা প্ৰকাশ কৰিছে । তদুপৰি দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চৰ সভাপতি জয়ন্ত ভূঞা আৰু সম্পাদক প্ৰাঞ্জল শইকীয়াই সৰবৰহী ব্যক্তিগৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াঁগোহাই, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি পাপু দত্ত, মাকুম পথাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ, ডুমডুমা প্ৰেছ ক্লাব, ছৈখোৱা প্ৰেছ ক্লাব, শদিয়া প্ৰেছ ক্লাব, কাকপথাৰ প্ৰেছ ক্লাব, তিনিচুকীয়া প্ৰেছ ক্লাব, ৰাষ্ট্ৰীয় ক’ল মজদুৰ ইউনিয়নৰ উপ-সভাপতি সঞ্জীৱ বৰুৱা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, আটছা তিনিচুকীয়া জিলা সমিতি, মাৰ্ঘেৰিটা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্থা, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা মহাবিদ্যালয় ছাত্ৰ একতা সভা, ১নং মাকুম পথাৰ নামঘৰ সমিতি,  মাকুম পথাৰ মা শীতলা মন্দিৰ সমিতিসহ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ, দুই পুত্ৰ-বোৱাৰী, নাতিকে ধৰি বহু আত্মীয়-স্বজনক ইহসংহাৰত এৰি যায়।

প্ৰেৰক কৃষ্ণা গগৈ

Featured