বাইহাটা চাৰিআলিত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা

নিয়মীয়া বাৰ্তা, ৩ জুলাই : উত্তৰ কামৰূপৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা বাইহাটা চাৰিআলি বি এড মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় । অঞ্চলটোৰ বিভিন্ন চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা শতাধিক সদস্য উপস্থিত থকা সভাখনত সভাপতিত্ব কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চহিদুল ইছলামে । দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে নিজৰ ভাষণত সমাজ উন্নয়নৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি কয় যে অৱসৰ গ্ৰহণ কৰা লোকসকলৰ স্মৃতিশক্তি অটুট ৰাখিবলৈ তথা স্বাস্থ্যৰ যতন ল’বলৈ গ্ৰহণ কৰিবলগীয়া কিছুমান ব্যায়ামৰ বিষয়ে বক্তব্য দাঙি ধৰে। আন এগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ মোহন চন্দ্ৰ কলিতাই বিশ্বৰ বিভিন্ন দেশৰ গ্ৰন্থৰ উদ্ধৃতিৰে জ্যেষ্ঠ নাগৰিকসকলে নিজৰ দেহ-মনৰ প্ৰতি তথা সমাজৰ প্ৰতি কেনেধৰণে দায়বদ্ধতা পালন কৰি সমাজক আগুৱাই নিব পাৰে, তাৰ ওপৰত এক সাৰুৱা বক্তৃতা প্ৰদান কৰে । ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী দীপালী শৰ্মাৰ গীতেৰে আৰম্ভ হোৱা সভাখনত আধুনিক গীত পৰিৱেশন কৰে অৱসৰী কৰ্মচাৰী সুভাষ শৰ্মাই তথা কবিতা আবৃত্তি কৰে অৱসৰপ্ৰাপ্ত বিষয়া কবি তথা লেখিকা ৰক্তিমা ডেকা বৰুৱাই আৰু যাদু প্ৰদৰ্শন কৰে আলটাফ হুছেইন খণ্ডকৰে । সভাখনৰ আঁত ধৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সম্পাদক গজেন্দ্ৰ নাথ কলিতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণকান্ত কলিতাই। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাই প্ৰতি বছৰে ১৬ মাৰ্চত সন্থাৰ প্ৰতিষ্ঠা দিৱস, ১ মে’ত শ্ৰমিক দিৱস, ৫ ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস তথা ১ অক্টোবৰত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰিবলৈ সভাত সিদ্ধান্ত লোৱাৰ লগতে প্ৰতিটো অনুষ্ঠানৰ লগত সংগতি ৰাখি জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উদ্যোক্তা তথা অৱসৰী শিক্ষক কৃষ্ণকান্ত কলিতাই জানিবলৈ দিয়ে।

প্ৰেৰক লক্ষী ডেকা

Featured