দীঘলী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ উদমাৰী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ দীঘলী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজকৰ্মী হৰেন চুৰীক কালি বিদায় সম্বৰ্ধনা জনোৱা হয় । বিদ্যালয়খনত দিনৰ ১ বজাৰ পৰা বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সভাপতি তথা বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰমেশ কুৰ্মীৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাখনত বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমোদ দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । সভাখনত বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণ প্ৰসংগত হৰেন চুৰীয়ে কয় যে শিক্ষাৰ গুণগত মান বৃদ্ধি কৰিবলৈ শিক্ষক, অভিভাৱক সমাজ সকলোৰে সমানুপাতিক দায়িত্ব আছে। অভিভাৱকসকলে নিজৰ শিশুক ঘৰত শিক্ষাৰ প্ৰতি লক্ষ্য কৰা উচিত। চৰকাৰেও শিক্ষাৰ মান উন্নত কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন চুৰীক বিদ্যালয় পৰিচালনা সমিতি, গাঁও উন্নয়ন সমিতি, ৰাইজ, প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক গোট আৰু উদমাৰী মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা গামোচা, চেলেং, শৰাই, সৰুদৈয়া জাপি, কলমেৰে বিদায় সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত সোণাই নেপালী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ প্ৰাক্তন সমন্বয়ক, সমাজকৰ্মী মিনাৰাম বৰা, বোকাগাঁও প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামমোহন ঘোষ, শিক্ষক উমা মেধি, দীঘলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক টুক বাহাদুৰ লিম্বু, উদীয়মান যুৱক উত্তম কুৰ্মী, সমাজসেৱক দীনেশ মিলি, বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী ৰেণুকা মণ্ডলৰ লগতে ৰাইজ, শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, মাতৃগোটৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

Featured