লাহৰীঘাটৰ অৱসৰী প্ৰধান শিক্ষক চাহাব উদ্দিন আহমেদৰ বিয়োগ

নিয়মীয়া বাৰ্তা,  ৬ মে’ : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ঔতলাবড়ী গাঁৱৰ আদৰ্শৱান অৱসৰপ্ৰাপ্ত শিক্ষক তথা জাতীয়তাবাদী নেতা চাহাব উদ্দিন আহমেদৰ আজি পুৱা পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ । তেওঁৰ একান্ত প্ৰচেষ্টাত তিনিচুকীয়া হাইস্কুল প্ৰতিষ্ঠা হৈছিল। তেওঁ তিনিচুকীয়া হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল আৰু ২০০১ চনত অৱসৰ গ্ৰহণ কৰিছিল। চাহাব উদ্দিন আহমেদ লাহৰীঘাট মহাবিদ্যালয়ৰ প্ৰাক্তন সভাপতিও আছিল। চাহাব উদ্দিন আহমেদে লাহৰীঘাট অগপৰ আজীৱন উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।জীৱিত কালত তেওঁ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল। এনে এগৰাকী আদৰ্শ শিক্ষক আৰু সমাজকৰ্মীৰ মৃত্যুত লাহৰীঘাট অগপ, লাহৰীঘাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। চাহাব উদ্দিন আহমেদে মৃত্যুৰ সময়ত পুত্ৰ-কন্যা, পত্নীসহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি  যায়। তেওঁৰ জানাজা আবেলি ৫ বজাত সম্পন্ন হয়।

প্ৰেৰক আবুল কালাম

Featured