বিজনীৰ পাণবাৰীত পিষ্টলসহ গঁড়ৰ খৰ্গ ব্যৱসায়ীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী নিধনৰ লগত জড়িত কেইবাজনো চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ পিছত এইবাৰ গঁড়ৰ খৰ্গ, পিষ্টলসহ ছফিয়ৰ ৰহমান (৫৫) নামৰ এজন খৰ্গ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয়। কালি নিশা পাণবাৰীৰ বন বিভাগ আৰু চিআৰপিএফৰ যৌথ অভিযানত ছফিয়ৰ ৰহমানৰ ২নং বগীদ্বাৰাস্থিত গৃহত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় এটা গঁড়ৰ খৰ্গ, এটা হস্তনিৰ্মিত পিষ্টল, এটা হৰিণাৰ শিং, এটা মোবাইল ফোনসহ আন কেইবাটাও সামগ্ৰী। এই সংক্ৰান্তত পাণবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ তৰফৰ পৰা অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছতহে পোহৰলৈ আহিব গঁড়ৰ খৰ্গ ব্যৱসায়ী ছফিয়ৰ ৰহমানে খৰ্গটো ক’ৰ পৰা কিমান টকাত ক্ৰয় কৰিছিল? বিশেষকৈ তেওঁৰ ঘৰত হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ হোৱাত ছফিয়ৰ ৰহমান চোৰাং চিকাৰীৰ লগত জড়িত নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

 

প্ৰেৰক বৰ্ণালী তালুকদাৰ

Featured