উত্তৰ-পূবৰ খাদ্যৰ প্ৰচাৰৰ বাবে নেষ্ট এছিয়াৰ প্ৰচেষ্টাক প্ৰশংসা ৰিণিকি ভূঞা শৰ্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ এপ্ৰিলঃ উত্তৰ-পূবৰ খাদ্যৰ প্ৰচাৰৰ বাবে ৰেডিছন ব্লুৰ বিলাসী পৰম্পৰাগত এছিয়ান কুইজিন ৰেষ্টুৰেণ্ট নেষ্ট এছিয়াই এক অনন্য আৰু অভিনৱ পদক্ষেপৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ সুস্বাদু ব্যঞ্জনসমূহৰ এখন বিশেষ মেন্যু প্ৰস্তুত কৰি ইয়াক প্ৰাচ্যৰ ৰন্ধনপ্ৰণালীৰ সৈতে একত্ৰিত কৰি তুলিছে। হেঁপাহৰ উৎসৱ বিহুৰ অংশ হিচাপে ৰেডিচন ব্লু গুৱাহাটীয়ে এক সুন্দৰ ৰন্ধন অনুষ্ঠানৰ আয়োজন কৰি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাক হোটেলখনৰ বিলাসী পৰম্পৰাগত এছিয়ান কুইজিন ৰেষ্টুৰেণ্ট নেষ্ট এছিয়াই তেওঁলোকৰ নতুন উত্তৰ-পূব মেন্যুৰ স্বাদ অনুভৱ কৰিবলৈ এগৰাকী সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনায়। শৰ্মাৰ লগতে তেওঁৰ কন্যা সুকন্যা শৰ্মাই অনুষ্ঠানটোত উপস্থিত থাকি উত্তৰ-পূবৰ সোৱাদ উদযাপনৰ বিষয়টোক অধিক গুৰুত্বপূৰ্ণ কৰি তোলে। এছিয়ান খাদ্যৰ অভিনৱ শৈলী প্ৰস্তুত কৰি অহাৰ বাবে পৰিচিত নেষ্ট এছিয়াই উত্তৰ-পূব ভাৰতৰ খাদ্যশৈলীক উজ্জ্বলাই তোলা বিশেষ মেনু প্ৰৱৰ্তন কৰি এক উল্লেখযোগ্য যাত্ৰাত নামি পৰিছে। এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱা এই পদক্ষেপৰ দ্বাৰা, অতিথিসকলক অনন্য ভোজনৰ সুযোগ প্ৰদান কৰি অহা নেষ্ট এছিয়া বৰ্তমান উত্তৰ-পূবৰ খাদ্যসম্ভাৰক প্ৰাচ্যৰ সোৱাদৰ সৈতে সংযোজিত কৰা প্ৰথমখন ৰেষ্টুৰেণ্টত পৰিণত হৈছে। ৰেডিচন ব্লু গুৱাহাটীৰ সঞ্চালক অংকুৰ মেহৰোত্ৰাই এই অগ্ৰণী প্ৰচেষ্টাৰ বাবে উৎসাহ প্ৰকাশ কৰি কয় যে, “প্ৰাচ্যৰ খাদ্যৰ সমান্তৰালভাৱে ‘ফ্লেভাৰছ অৱ চেভেন চিষ্টাৰছ এণ্ড এ ব্ৰাদাৰ’ উপস্থাপনৰ দ্বাৰা প্ৰকৃতাৰ্থত এক অনন্য খাদ্যৰ অভিজ্ঞতা সৃষ্টি কৰি আমি অতি আনন্দিত হৈছোঁ। নেষ্ট এছিয়া আজি এনে এক উচ্চমানসম্পন্ন খাদ্যস্থলী হিচাপে পৰিচিত হৈছে য’ত বহি অতিথিসকলে সৰ্বপৰিচিত উত্তৰ-পূবৰ বৈচিত্ৰ্যময় তথা ঐতিহ্যশালী খাদ্যৰ সোৱাদ ল’ব পাৰে।” উত্তৰ-পূবৰ সমৃদ্ধিশালী খাদ্যক বিশ্ব দৰবাৰত প্ৰদৰ্শনৰ বাবে ৰেডিচন ব্লু গুৱাহাটীক প্ৰশংসা কৰে ৰিণিকি ভূঞা শৰ্মাই। তেওঁ কয়, “এই ধাৰণাটো সঁচাকৈয়ে প্ৰশংসনীয়। উত্তৰ-পূব আৰু প্ৰাচ্যৰ খাদ্যৰ সংমিশ্ৰণে ৰুচিবোধক প্ৰলোভিত কৰাই নহয়, স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্যৰ অভিজ্ঞতাও প্ৰদান কৰে। অঞ্চলটোৰ ৰাজ্যকেইখনৰ সুস্বাদু খাদ্যসমৃদ্ধ বিশেষ উত্তৰ-পূব থালিয়ে অতিথিসকলৰ মনত স্বাদ আৰু ৰসবোধৰ এক গভীৰ ৰেখা অংকন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, যিয়ে আমাৰ অঞ্চলৰ খাদ্যশৈলীৰ বৈচিত্ৰ্যতাক প্ৰতিফলিত কৰিছে।” ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি অংকুৰ মেহৰোত্ৰাই কয়, “আমি ৰিণিকি মেমৰ কৃপাময় উপস্থিতি আৰু তেখেতৰ অদম্য সমৰ্থনৰ বাবে গভীৰভাৱে কৃতজ্ঞ। এই অনুষ্ঠানত তেওঁৰ অংশগ্ৰহণে আমাক সন্মান জনোৱাই নহয়, বৰঞ্চ দলৰ মনোবল বৃদ্ধি কৰাৰ উপৰি খাদ্যশৈলীৰ প্ৰতি থকা আমাৰ উৎকৃষ্টতা আৰু সাংস্কৃতিক প্ৰচাৰৰ দায়বদ্ধতাক অধিক শক্তিশালী তথা গুৰুত্বপূৰ্ণ কৰি তুলিছে।” উদ্বোধনী অনুষ্ঠানত ৰিণিকি ভূঞা শৰ্মা আৰু সুকন্যা শৰ্মাৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ গুৰুত্ব অধিক বঢ়াই তোলাৰ লগতে ৰেডিছন ব্লু গুৱাহাটীৰ ৰন্ধনশৈলীৰ উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তোলে। ৰেডিছন ব্লুৰ অনুষ্ঠানত তেওঁৰ উপস্থিতিয়ে উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্য আৰু খাদ্যৰসৰ প্ৰচাৰ অভিযানক নতুন দিগন্ত স্পৰ্শৰ বাবে উৎসাহ প্ৰদান কৰে।

Featured