আজমলৰ আৰবী ভাষাপ্রীতিক সমর্থন জনাই জাতীয় স্বাভিমানত আঘাত ৰিপুণ বৰাৰ

ইংৰাজী–বাংলা শব্দও আছে অসমীয়া ভাষাত

নিয়মীয়া বার্তা, ১১ অক্টোবৰঃ ক্ষুদ্র ৰাজনৈতিক স্বার্থৰ বাবে অসমীয়া ভাষাক বলিশালত তুলি দিবলৈও কুণ্ঠাবোধ কৰা নাই এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ প্রথমতে ৰাজনৈতিক সভাত আৰবী ভাষাৰ বেনাৰ আঁৰি আৰু তাৰ পাছত অসমীয়াতো বহু আৰবী শব্দ সোমাই আছে বুলি চৰম স্পর্ধা দেখুওৱা বদৰুদ্দিন আজমলৰ সমর্থনত নামি পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা৷

কালি বৰপেটাত আজমলৰ অসমীয়া ভাষাবিৰোধী কর্মকাণ্ডক সমর্থন কৰি বৰাই কয় যে অসমীয়া ভাষাত বহুত ইংৰাজী আৰু বাংলা শব্দ সোমাই আছে৷ কেৱল আৰবীয়ে নহয়, বিভিন্ন জাতি–জনগোষ্ঠীৰ শব্দ অসমীয়া ভাষাত সোমাই আছে৷ আনহাতে, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১ৰ নির্বাচনত সভ্যতাৰ যুঁজ হ’ব বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া ব্যক্ত কৰি তেওঁ কয় যে বিজেপিয়ে সভ্যতা কি বুজি নাপায়৷ বিজেপিয়ে হিন্দুত্বক ধ্বংস কৰিছে৷ বিজেপিয়ে বুৰঞ্জী পঢ়া উচিত৷

নির্বাচনৰ দিন চমু জাপি আহিছে যদিও কংগ্রেছ–এ আই ইউ ডি এফৰ প্রস্তাৱিত মহাজোঁটৰ প্রতি কোনোধৰণৰ সঁহাৰি জনোৱা নাই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে৷ এই কথা অকপটে স্বীকাৰ কৰিলে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে৷ তেওঁ কয়– ‘এজেপি আৰু ৰাইজৰ দলৰ সৈতে আমাৰ সঘনাই যোগাযোগ চলি আছে৷ তেওঁলোকৰ কিছু ৰিজার্ভেচন আছে৷ যদিও তেওঁলোকে ৰাজহুৱাভাৱে কৈছে যে কংগ্রেছৰ সৈতে জোঁটবন্ধন কৰিবলৈ মান্তি নহয়, কিন্তু শেষ মুহূর্তলৈকে আমি মিত্রতাৰ দুৱাৰ খোলা ৰাখিম৷ সময়ত তেওঁলোকে সিদ্ধান্ত সলনি কৰি আমাৰ জোঁটবন্ধনত অংশীদাৰ হ’ব৷’

 কালি বৰপেটাত কেন্দ্রীয় চৰকাৰৰ কৃষকবিৰোধী আইনৰ প্রতিবাদত অনুষ্ঠিত কংগ্রেছৰ বিক্ষোভ কার্যসূচীত অংশগ্রহণ কৰি সাংবাদিকৰ সৈতে হোৱা মুখামুখিত প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে ২০২১ত কংগ্রেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলিও দাবী কৰে৷ আনহাতে, লক্ষীপুৰ সমষ্টিৰ কংগ্রেছী বিধায়ক ৰাজদীপ গোৱালা আৰু বৰখলা সমষ্টিৰ প্রাক্তন বিধায়িকা ৰুমী নাথক বহিষ্কাৰ কৰা প্রসংগত প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ সৈতে হলি–গলি কৰাৰ বাবে ৰাজদীপ গোৱালা আৰু ৰুমী নাথক বহিষ্কাৰ কৰা হৈছে৷