প্লাষ্টিক বটলেৰে নিৰ্মিত নাৱেৰে আহি দিখৌমুখত উপস্থিত ধীৰাজ বিকাশ গগৈ

নিয়মীয়া বাৰ্তা, ২ জুনঃ মহাবাহু ব্ৰহ্মপুত্ৰক প্লাষ্টিকৰ আবৰ্জনামুক্ত কৰি তোলাৰ এক মহৎ সপোন পুৰণৰ আশাৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ এখন প্লাষ্টিকৰ বটলেৰে নিৰ্মিত নাৱেৰে যাত্ৰা আৰম্ভ কৰা ধীৰাজ বিকাশ গগৈ নামৰ পৰিবেশ কৰ্মীগৰাকী আজি ভৰা লুইতৰ জলপথেৰে আহি উপস্থিত হয়হি শিবসাগৰ জিলাৰ ঐতিহাসিক দিখৌমুখ পাৰঘাটত৷ কালি ১ জুনৰ পুৱা ১০ বজাত ডিব্ৰুগড়ৰ বগীবিলৰ পৰা যাত্ৰা আৰম্ভ কৰা পৰিবেশ কৰ্মীগৰাকীয়ে লগত তেওঁৰ তিনিগৰাকী সহযাত্ৰীসহ দিখৌমুখ পাৰঘাটত প্ৰতিকুল বতৰকো নেওচি দুপৰীয়া প্ৰায় ১২.৩০ বজাত উপস্থিত হয়হি৷ কেৱল পেলনীয়া প্লাষ্টিকৰ পানীৰ বটল ব্যৱহাৰ কৰিয়েই নিৰ্মান কৰা এখন নাৱেৰে সাম্প্ৰতিক বাৰিষাৰ ভৰা ব্ৰহ্মপুত্ৰত বঠা বাই বাই অহা দলটোৰ আগমনৰ খবৰ লাভ কৰিয়েই দিখৌমুখ পাৰঘাটত ভিৰ কৰা বহু সংখ্যক ৰাইজে পৰিবেশ কৰ্মী গৰাকীৰ দলটোক পাৰঘাটত উষ্ম আদৰণী জ্ঞাপন কৰে৷ উল্লেখ্য ডিব্ৰুগড় বৰবিল দীঘলা গাৱঁৰ সন্তান ধীৰাজ বিকাশ গগৈ ওৰফে বুমনিয়ে আজি দীৰ্ঘ দিনৰ পৰা ব্ৰহ্মপুত্ৰক প্লাষ্টিক আবৰ্জনা মুক্ত কৰাৰ কামত আত্মনিয়োগ কৰি আহিছে৷ এইক্ষেত্ৰত ২০২১ বৰ্ষটো নিজা উদ্ভাৱনেৰে পেলনীয়া প্লাষ্টিকৰ বটলৰ পুণৰ ব্যৱহাৰে নাওঁ নিৰ্মান কৰি কেৱল ৰাজ্যবাসীয়েই নহয় দেশ তথা বিদেশৰ বহু জন লোকৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ ২০২১ বৰ্ষত ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ উক্ত প্লাষ্টিক বটল নিৰ্মিত নাৱেৰে যাত্ৰা কৰি লুইতক প্লাষ্টিকৰ আবৰ্জনাৰ পৰা মুক্ত কৰিবলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা পৰিবেশ কৰ্মীগৰাকীয়ে পুণৰ একেই উদেশ্যৰে দ্বিতীয় বাৰৰ বাবে সম্প্ৰতি আৰম্ভ কৰিছে প্লাষ্টিক বটল নিৰ্মিত এই বিশেষ নৌকা যাত্ৰা৷ পৰিবেশ কৰ্মী গৰাকীৰ এই যাত্ৰাত ধলাৰ কাশীনাথ যাদৱ, ডিব্ৰগড়ৰ বীৰেন্দ্ৰ যাদৱ আৰু ধেমাজীৰ শুক্লবাচ হাজং নামৰ তিনিগৰাকী ব্যক্তিয়ে সহযাত্ৰী হিচাবে সহযোগ কৰিছে৷ কিন্তু জানিব পৰা মতে বতাহ-ধুমুহা আৰু বৰষুণৰ শেহতীয়া প্ৰতিকুল বতৰৰ বাবে দলটোৰ জলপথৰ যাত্ৰা কিছু বিপদ সংকুল হৈ পৰিছে৷ তৎসত্বেও জনবসতি পূৰ্ণ ভৰা লুইতৰ ঘাটসমূহত সুবিধা অনুযায়ী নাও ৰাখি নদীৰ পাৰৰ প্লাষ্টিকৰ আবৰ্জনা সংগ্ৰহ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা দলটোৱে আজি দিখৌমুখ পাৰঘাটত উপস্থিত হৈ যাত্ৰা পথত সংগ্ৰহ কৰা প্লাষ্টিকৰ আবৰ্জনাৰ টোপোলা আবৰ্জনা সমূহৰ সঠিক পুণৰ ব্যৱহাৰ ব্যৱস্থা গ্ৰহণৰ বাবে শিৱসাগৰ টুৰিষ্ট গাইদ এচচিয়েচনৰ এটি দলৰ হাতত আনুস্থানিকভাৱে অৰ্পন কৰে৷ আনহাতে শিৱসাগৰ টুৰিষ্ট গাইদ এছ’চিয়েচনৰ দলটিয়েও প্লাষ্টিক বটল নিৰ্মিত নৌকা যাত্ৰী পৰিবেশ কৰ্মী ধীৰাজ বিকাশ গগৈক দিখৌমুখ পাৰঘাটতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে দলটিক যাত্ৰা পথত প্ৰয়ো কিছু খাদ্য সামগ্ৰী যোগান ধৰে৷ উল্লেখ্য মুঠ বাৰ গৰাকী কৰ্মীৰ সহযোগত প্ৰায় তিনিমাহ যোৰা নিৰ্মান কৰ্মৰ অন্তত মুঠ ৩৩০০টা প্লাষ্টিক বটলৰ ব্যৱহাৰেৰে নিৰ্মান কৰি উলিওৱা ৩৩ ফুট দৈৰ্ঘ্যৰ আৰু পাচ ফুট বহল নৌকাৰে এইবাৰৰ জলযাত্ৰা আৰম্ভ কৰিছে পৰিবেশ কৰ্মী ধীৰাজ বিকাশ গগৈৰ দলটোৱে৷ লুইতৰ প্ৰদুষণ মুক্ত কৰণেৰে মহাবাহুৰ জলধাৰাক নদী মাতৃক ৰাজ্যখনৰ ৰাইজক প্লাষ্টিকৰ প্ৰদূষণ সৃষ্ট অভিশাপৰ বিপৰীতে আশীৰ্বাদ স্বৰূপ কৰি তোলাৰ অভিপ্ৰায়েৰে আৰম্ভ কৰা এই সজাগতা মূলক নৌকা যাত্ৰাত ৰাইজ তথা প্ৰশাসনৰ সহযোগিতা কামনা কৰিছে পৰিবেশ কৰ্মী ধীৰাজ বিকাশ গগৈয়ে৷

প্ৰেৰক প্ৰণৱ খাটনিয়াৰ

Featured