বেজৰ নাকত খৰ : ডিগবৈ থানাৰ পৰা পলাল চোৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ বেজৰ নাকত খৰ আপ্তবাক্যশাৰী আজি প্ৰযোজ্য হৈছে অসম আৰক্ষীৰ স্মাৰ্ট পুলিচৰ ডিগবৈ থানাত। তিনিচুকীয়াৰ ডিগবৈ থানাৰ পৰা এটা চোৰে পুলিচৰ চকুত ধূলি মাৰি পলাবলৈ সক্ষম হোৱাৰ খবৰে অঞ্চলজুৰি চৰ্চা লাভ কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কালি দুপৰীয়াৰ ভাগত ডিগবৈ বাপাপুং পুৰুষ-মহিলা গাওঁৰক্ষী বাহিনীয়ে এক বিশেষ সূত্ৰৰ পম খেদি বিকাশ তাঁতী নামৰ চোৰটোক আটক কৰে। আটকাধীন চোৰটোক মাৰাথন জেৰাৰ অন্তত চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত বাপাপুং অঞ্চলৰ প্ৰয়াত বিনোদ ডেকা আৰু প্ৰয়াত ডিগবৈ ডি এফ অ বিপুল বড়াৰ ঘৰৰ পৰা চুৰি কৰি নিয়া দুটা পানী মটৰ পাম্প চোৰটোৰ পৰা উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত গাঁওৰক্ষী বাহিনীৰ সহযোগত চোৰটোক ডিগবৈ থানাত গতাই দিয়া হৈছিল। কিন্তু সন্ধিয়াৰ ভাগত চোৰটোৱে বাথৰুমলৈ যাওঁ বুলি কৈ পুলিচ-কমাণ্ডো বাহিনীয়ে গিজগিজাই থকা থানা চৌহদৰ পৰা পলায়ন কৰাত হুৱাদুৱা লাগে। বিকাশ তাঁতীৰ আন এজন সহযোগী বাবলু কৰ্মকাৰ বৰ্তমান পলাতক হৈ আছে। দীৰ্ঘদিন ধৰি দুয়োটা চোৰে অঞ্চলটোৰ বাসিন্দাসকলৰ শাক-পাচলি, পুখুৰীৰ মাছো চুৰি কৰি একপ্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। থানাৰ পৰা পলায়ন কৰা চোৰটোক পুনৰ কৰায়ত্ত কৰিবলৈ তাৎক্ষণিকভাৱে ডিগবৈ আৰক্ষীয়ে জোৰদাৰ অভিযান চলাই অৱশেষত নিশা প্ৰায় দহ বজাত আটক কৰিবলৈ সক্ষম হয়। আজি দিনৰ ভাগত ডিগবৈ আৰক্ষীয়ে আদালতৰ জৰিয়তে চোৰটোক জেল হাজোতলৈ প্ৰেৰণ কৰে।

প্ৰেৰক ৰমণী বুঢ়াগোহাঁই

Featured