বৰপেটাত আৰক্ষীৰ এনকাউণ্টাৰত দুৰ্ধৰ্ষ ডকাইত গুলীবিদ্ধ

বাৰ্তা ব্যুৰো, বৰপেটা, ২৯ আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি-ডকাইতিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা এটা দুধৰ্ষ ডকাইত যোৱানিশা বৰপেটা আৰক্ষীয়ে গুলীবিদ্ধ কৰে৷ আৰক্ষীৰ গুলীত আহত  দুধৰ্ষ ডকাইতটোৰ নাম মগৰব আলী৷ বৰপেটাৰ গৰৈমাৰী পথাৰ গাৱত ঘৰ ডকাইত মগৰব আলীৰ। ৰাজ্যৰ বিভিন্ন স্থানত চুৰি আৰু ডকাইতিকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যত মগৰব আলী জড়িত থকাৰ অভিযোগ আছে৷ এই সংক্ৰান্তত ৰাজ্যৰ কেবাখনো থানাত মগৰবৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধমূলক গোচৰ। আনহাতে এই ঘটনাত এজন আৰক্ষী কনিষ্টবলো আহত হৈছে ৷ আহত কনিষ্টবলগৰাকীৰ নাম নোমল গোহাঁই ৷ পূৰ্বে এ টি এম ডকাইতিৰ এটা ঘটনাৰে জৰিত মগৰব আলীক বুধবাৰে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।আৰক্ষীৰ জেৰাত ডকাইতটোৱে এ টি এম ডকাইতিৰ ধন লুকুৱাই ৰখা স্থান দেখুৱাই দিবলৈ আৰক্ষীক বাট দেখুৱাই লৈ গৈছিল। তেনে সময়তে বৰপেটা দৌলাশাল গুৱাহাটী পথৰ জ্বালাপুৰা দলঙৰ সমীপত চেগা বুজি ডকাইতটোৱে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে। ডকাইটোৰ এই অতৰ্কিত আক্ৰমণত কনিষ্টবল নাোমল গোহাঁই আঘাতপ্ৰাপ্ত হয় যদিও লগে লগে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় আৰু ডকাইতটোৰ সোঁভৰিত গুলী লাগে।  সম্প্ৰতি আৰক্ষী কনিষ্টবলগৰাকীৰ লগতে গুলীবিদ্ধ ডকাইতটো বৰপেটা চিকিৎসা মহাবিদ্যালয়  হাস্পতালত চিকিৎসাধীন হৈ আছে।

প্ৰেৰক নৱজিত বায়ন

Featured