আলোপতিত চোৰক ৰাইজে গতালে আৰক্ষীক

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ দিন দুপৰতেই চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল এজন চোৰ। চোৰৰ আছিল দিন বেয়া, দিনৰ পোহৰতে লোকৰ ঘৰত সোমাই চুৰি কৰি ধৰা পৰে চোৰজন। বৰপেটা জিলাৰ আলোপতিচৰ থানাৰ অন্তৰ্গত ১নং বাঘমাৰা চৰৰ ছাইৰুদ্দিন নামৰ এজনৰ ঘৰত দিন দুপৰতেই সংঘটিত কৰিলে চোৰে এই চাঞ্চল্যকৰ চুৰি কাণ্ড। শুকুবাৰৰ দিনা জুম্মাৰ নামাজৰ সময়ত ঘৰখনৰ গৃহস্থই নামাজত ব্যস্ত থকাৰ সুযোগ বুজি চোৰে চলায় লুটপাত। অৱশেষত ৰাইজৰ হাতত ধৰা পৰে চোৰ আৰু ধৰি বান্ধি চোৰক উত্তম মাধ্যম শোধাই স্থানীয় ৰাইজে গতাই দিয়ে আৰক্ষীক। আলোপতিচৰ থানাৰ অন্তৰ্গত ১নং বাঘমাৰা চৰত এই চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। দিনদুপৰতে চোৰৰ এনে মৰসাহ দেখি সকলো হৈ পৰিছে স্তম্ভিত।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured