ছাৰ্ভিচ ৰিভলভাৰেৰে শিলচৰ ৰে’ল ষ্টেচনত চৰম পথ আৰপিএছএফ জোৱানৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : শিলচৰ ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শিলচৰ ৰে’লৱে ষ্টেচনত আৰ পি এছ এফৰ এজন জোৱানে নিজৰ ছাৰ্ভিচ ৰিভলভাৰেৰে চৰম পথ বাছি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিলচৰ উপ-মুখ্য অভিযন্তাৰ কাৰ্যালয়ত কৰ্তব্যৰত আছিল উত্তৰ প্ৰদেশৰ বাসিন্দা সনোজ পাৱাৰ নামৰ আৰ পি এছ এফৰ জোৱানজন। তিনি দিন পূৰ্বে লামডিং কাৰ্যালয়ৰ পৰা শিলচৰলৈ জোৱানজন  আহিছিল । উত্তৰ প্ৰদেশৰ এই জোৱানজনে কৰ্তব্যৰত অৱস্থাত নিজৰ ছাৰ্ভিচ ৰিভলভাৰেৰে গুলীচালনা কৰি চৰম পথ বাছি লয়।  কিন্তু তেওঁ কিয় এই পথ বাছি ল’লে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।  আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি মৃতদেহটো উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু  ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক গৌতম তালুকদাৰ
Featured