ছাইবুৰৰ বিৰুদ্ধে ৩০৫ পৃষ্ঠাৰ চার্জশ্বীট

গাঁওবুঢ়া নিযুক্তিত দুর্নীতি

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্রেপ্তাৰ হোৱা এডিচি ছাইবুৰ ৰহমানৰ বিৰুদ্ধে আন এটা গোচৰত আজি চার্জশ্বীট দাখিল কৰিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে৷ ৰাজ্যৰ বিশেষ আদালতত ছাইবুৰ ৰহমানৰ বিৰুদ্ধে তদাৰীক কোষে দাখিল কৰিছে ৩০৫ পৃষ্ঠাৰ চার্জশ্বীট৷ দক্ষিণ শালমাৰাত গাঁওবুঢ়া নিযুক্তিৰ নামত সংঘটিত কেলেংকাৰিক লৈ ৰুজু হোৱা ৫/২০২১ নম্বৰত এই চার্জশ্বীটখন দাখিল কৰা হৈছে৷ চার্জশ্বীটত উল্লেখ কৰা অনুসৰি ২০১৮ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা গাঁওবুঢ়া নিযুক্তি প্রক্রিয়াত ব্যাপক অনিয়ম সংঘটিত কৰিছিল ছাইবুৰ ৰহমানে৷

ধনৰ বিনিময়ত নিজৰ পছন্দৰ প্রার্থীক গাঁওবুঢ়া পদত নিযুক্তি দিছিল এইজন বিতর্কিত বিষয়াই৷ চৰকাৰী নীতি–নিয়ম ভৰিৰে মোহাৰি বক্র পথেৰে গাঁওবুঢ়া নিযুক্তিৰ অভিযোগ লাভ কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে ভাৰতীয় দণ্ডবিধি আৰু দুর্নীতি প্রতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ ইতিমধ্যে দক্ষিণ শালমাৰাৰ মানকাচৰৰ বিভিন্ন স্থানত অভিযান চলাই এই অনিয়ম সন্দর্ভত বিভিন্ন নথি–পত্র জব্দ কৰিবলৈ সক্ষম হৈছে তদন্তকাৰী সংস্থাটোৱে৷ এই গোচৰ ৰুজু হোৱাৰ ৫১ দিনৰ ভিতৰত ছাইবুৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে চার্জশ্বীট৷ তদুপৰি চার্জশ্বীটৰ লগত সংলগ্ণ কৰি দিয়া হৈছে বিষয়াজনৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া চলোৱাৰ অনুমোদনৰ প্রতিলিপিও৷

ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰটোত যথেষ্ট সাক্ষ্য–প্রমাণ লাভ কৰা বুলিও মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষেও চার্জশ্বীটত উল্লেখ কৰিছে৷ অৱশ্যে এই গোচৰৰ তদন্ত এতিয়াও অব্যাহত ৰখাৰ লগতে পৰৱর্তী সময়ত পৰিপূৰক চার্জশ্বীট দাখিল কৰা হ’ব বুলিও প্রকাশ কৰিছে৷ উল্লেখ্য যে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্রেপ্তাৰ হোৱা ছাইবুৰ ৰহমানে নামে–বেনামে গঢ়িছিল সম্পত্তিৰ পাহাৰ৷ মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত ৮৯তকৈও অধিক স্থানত ভূমি ক্রয় কৰিছিল এইজন বিতর্কিত বিষয়াই৷ তদুপৰি দুই পত্নীৰ নামতো তেওঁ গঢ়িছিল অগাধ সম্পত্তি৷

Featured