সিংহদুৱাৰ মেছাগড়ৰ চাজিদুৰ ৰহমানৰ আকস্মিক মৃত্যু : শোকস্তব্ধ শিৱসাগৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী : জাতি-বৰ্ণ, ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে যিকোনো ব্যক্তি-পৰিয়ালৰ দুখৰ সময়ত আপোনৰ দৰে কাষত থিয় দিয়া সমাজকৰ্মী চাজিদুৰ ৰহমান আৰু নাই ৷ ঐতিহাসিক সিংহদুৱাৰ মেছাগড় নিৱাসী সমাজকৰ্মী চাজিদুৰ ৰহমান (৫৪)ৰ যোৱানিশা প্ৰায় এঘাৰ বজাত আকস্মিকভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷ সিংহদুৱাৰ মেছাগড় তিনিআলি নিৱাসী প্ৰয়াত শিক্ষাবিদ তথা জোকতলী হায়াৰ ছেকেণ্ডাৰীৰ প্ৰাক্তন অধ্যক্ষ চিৰাজুৰ ৰহমানৰ জ্যেষ্ঠ পুত্ৰ চাজিদুৰ ৰহমানে নিজৰ সু-ব্যৱহাৰ, কষ্ট কৰিব পৰা অগাধ সক্ষমতা তথা দুখৰ সময়ত সকলোৰে কাষত থিয় দিয়াৰ বাবেই সমগ্ৰ শিৱসাগৰৰ এগৰাকী সৰবৰহী ব্যক্তি হিচাপে পৰিচিত হৈছিল ৷ শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ চাজিদুৰে কালি নিশাৰ আহাৰ গ্ৰহণ কৰি শোৱাপাটীত পৰাৰ সময়তে হঠাত অসুস্থ হৈ পৰে ৷ লগে লগে পত্নী-কন্যাসহিতে আত্মীয়-স্বজনে পাঁচ কিলোমিটাৰ নিলগৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ চাজিদুৰ ৰহমানৰ আকস্মিক মৃত্যুৰ সংবাদ বিয়পি পৰাৰ লগে লগেই অগণন গুণমুগ্ধই নিশাই ভিৰ কৰে তেওঁৰ বাসগৃহত ৷ মৃত্যুৰ সময়ত ইহসংহাৰত পত্নী, কন্যাৰ লগতে এটা বৃহত পৰিয়াল এৰি যোৱা চাজিদুৰ ৰহমানৰ জানাজা আজি বিয়লি দুই বজাত সিংহদুৱাৰ ৰাজহুৱা জানাজা ফিল্ডত সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ সূত্ৰই জনাইছে ৷ তেওঁৰ মৃত্যুত সিংহদুৱাৰ মছজিদ পৰিচালনা সমিতি, মেচাগড় মছজিদ পৰিচালনা সমিতি, আমগুৰি যুৱ জামাত, আমগুৰি বৰ মছজিদ পৰিচালনা সমিতি, আমগুৰি ৰাজহুৱা চিৰণী উদযাপন সমিতি, ৰংপুৰ নাগৰিক মঞ্চ, জীৱন বীমা নিগমৰ শিৱসাগৰ শাখাৰ কৰ্মচাৰী সন্থা, বাৰ্তাজাৱী সংঘৰ শিৱসাগৰ জিলা সমিতি, শিৱসাগৰ প্ৰেছ ক্লাব, ন আলি যুৱ জামাত, ঐক্য সেনা অসম, সৃজনী শাখা সাহিত্য সভা, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ লগতে অঞ্চলটোৰ অৰ্ধশতাধিক দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

Featured