ছমৰীয়া উন্নয়ন খণ্ড স্থানান্তৰ নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ আছুৰ

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ কামৰূপৰ নগৰবেৰাস্থ ছমৰীয়া উন্নয়ন খণ্ড নগৰবেৰাৰ পৰা স্থানান্তৰকৰণৰ সিদ্ধান্তক লৈ জাঙুৰ খাই উঠিছে বৃহত্তৰ নগৰবেৰা অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ উপৰি ছাত্ৰ সংগঠন। পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ এটা সজাঁতি দলে আজি নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ উৎপল ডেকাক সাক্ষাৎ কৰি চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কোনো কাৰণতে নগৰবেৰাস্থ ছমৰীয়া উন্নয়ন খণ্ড স্থানান্তৰ নকৰিবলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে। আওঁহতীয়া নগৰবেৰা অঞ্চলৰ অতিকে বিধ্বস্ত ৰাজপথেৰে বকো-ছয়গাঁও সমষ্টিৰ বাকী দুটা উন্নয়ন খণ্ডলৈ কামৰ বাবে যাতায়ত কৰিবলৈ নূন্যতম ৫০ কিঃমিঃ বাট বুলিও যুক্তি দি অঞ্চলবাসী ৰাইজৰ এই জলন্ত সমস্যাৰ বিষয়টো বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰত টানি অনুৰোধ জনায় ছাত্ৰ সংগঠনটিয়ে। স্মাৰকপত্ৰৰ প্ৰতিলিপি জিলা অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপৰি জিলা আয়ুক্ত তথা সীমা পুনঃনিৰ্ধাৰণ আয়োগৰ অধ্যক্ষলৈও প্ৰেৰণ কৰা হয়। ছাত্ৰ সংগঠনৰ দাবী বিবেচনা নকৰিলে শীঘ্ৰেই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ কথাও স্মাৰকপত্ৰৰ শেষৰ ফালে উল্লেখ আছে। সজাঁতি দলটিত ছাত্ৰ সংগঠনটিৰ সভাপতি মণিৰাম বৈশ্য ,সম্পাদিকা ৰাজুফা আহমেদ ,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক পাঠক, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অকন কলিতা, পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰাঞ্জল কলিতা, দীপজ্যোতি চৌধুৰী, পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক পুলক বৈশ্য আদি সকল উপস্থিত থাকে।

প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস

Featured