সনাতন ধর্মলৈ প্রত্যাৱর্তন নগাঁৱৰ ইছলাম ধর্মাৱলম্বী যুৱতীৰ

বিশেষ বার্তা, ২৪ ছেপ্টেম্বৰ : অসমৰ মুছলমান সম্প্রদায়ৰ এটা আঢ্যৱন্ত পৰিয়ালৰ এগৰাকী শিক্ষিত যুৱতীয়ে কালি হিন্দু সনাতন ধর্মলৈ প্রত্যাৱর্তন কৰে৷ নগাঁও চহৰৰ শ্রীশ্রী জখলাবন্ধা সত্রত যুৱতীগৰাকীয়ে যাৱতীয় নিয়ম–নীতিৰ মাজেৰে এই প্রত্যাৱর্তন কৰে৷ সত্রখনৰ সত্রাধিকাৰ যুগল চন্দ্র দেৱগোস্বামীৰ তত্ত্বাৱধানত পুৰোহিতৰ পূজা-অর্চনা, হোম আদিৰ জৰিয়তে মহাপুৰুষ শ্রীশ্রীদামোদৰদেৱ গুৰুৰ ধর্ম দর্শনত শৰণ গ্রহণ কৰি যুৱতীগৰাকীয়ে হিন্দু সনাতন ধর্মলৈ প্রত্যাৱর্তন কৰে৷ যুৱতীগৰাকীৰ আবেদনৰ ভিত্তিত সত্রাধিকাৰ গোস্বামীয়ে তেওঁক প্রত্যাৱর্তনৰ প্রমাণ–পত্র প্রদান কৰে৷

Featured