‘নীট’ত উত্তীৰ্ণৰে বৰভাগলৈ গৌৰৱ কঢ়িয়ালে সনাতন কলিতাই

নিয়মীয়া বাৰ্তা, ৮ জুন : নলবাৰী জিলাৰ বৰভাগৰ ৰণাকুছি গাঁ‌ৱৰ দ্বিজেন চন্দ্ৰ কলিতা আৰু নমী কলিতাৰ পুত্ৰ সনাতন কলিতাই “নীট”ত ৬৫৯ নম্বৰেৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। অতি সাধাৰণ পৰিয়ালৰ ছাত্ৰ সনাতনৰ এই সাফল্যত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰা দেখা গৈছে। সৰুৰে পৰা মেধাসম্পন্ন ছাত্ৰ সনাতনে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৮৯.৮ শতাংশ নম্বৰ লাভ কৰিছে। ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হৈ সমাজৰ বাবে কাম কৰাৰ ইচ্ছা কৃতী ছাত্ৰগৰাকীৰ ।

প্ৰেৰক শ্বাহ আলম আহমেদ

Featured