সৰ্বত্ৰ চৰ্চিত কলিয়াবৰৰ সঞ্জীৱ-কংকনাৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰ 

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : কলিয়াবৰৰ এগৰাকী উদীয়মান শিল্পী সঞ্জীৱ শইকীয়া আৰু কংকনা হাজৰিকাৰ বিবাহৰ নিমন্ত্ৰণৰ বাবে এক ব্যতিক্ৰমী নিমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে প্ৰশংসিত হৈছে। কলিয়াবৰৰ কুঁৱৰীটোলৰ এইগৰাকী শিল্পীয়ে জ্যেষ্ঠ ভাতৃ পল্লৱৰ লগতে ভাতৃপ্ৰতীম বন্ধুসকলৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰায় এহাজাৰ ব্যক্তিক ২৩ নবেম্বৰৰ বিবাহৰ দিনৰ লগতে ২৫ নৱেম্বৰত হ’বলগীয়া অভ্যৰ্থনা অনুষ্ঠানৰ বাবে বিবাহৰ নিমন্ত্ৰণ দিবলৈ বন্ধুবৰ্গৰ অহৰহৰ প্ৰচেষ্টাত আটকধুনীয়া নিমন্ত্ৰণী পত্ৰখন প্ৰস্তুত কৰি অতিথিক নিমন্ত্ৰণ জনোৱা কাম আৰম্ভ কৰিছে। শিল্পী নন্দলাল ৰবিদাস, গুণমণি, নৱদ্বীপ, ধনবৰ, ঝুনাকংকন, ভাস্কৰ, পংকজ, সঞ্জয়, মনোজ, ৰূপজ্যোতি , মানসকে প্ৰমুখ্য কৰি উদীয়মান শিল্পমনৰ ভাতৃ সকলে জ্যেষ্ঠ ভাতৃ সঞ্জীৱ শইকীয়াৰ বিবাহৰ বাবে নতুন নতুন চিন্তাৰে এখন ব্যতিক্ৰমী বিবাহ পাতি নিজৰ লগতে আনকো এক বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে। বিজুলী বাঁহ সংগ্ৰহ কৰি তাক বিশেষ পদ্ধতিৰে চুঙা প্ৰস্তুত কৰি এক কাব্যিক ভাৱ ভাষাৰে বিবাহৰ পত্ৰ লিখি চুঙাত শুভ বিবাহৰ লগতে দৰা আৰু কন্যাৰ ফটোসম্বলিত কৰি আটকধুনীয়াকৈ সজোৱা পত্ৰখন সঞ্জীৱ শইকীয়াই  হাতত  তামোল-পাণ, বঁটা লৈ অতিথিক ঘৰে ঘৰে গৈ নিমন্ত্ৰণ জনোৱাত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁৰ এনে ব্যতিক্ৰমী চিন্তাৰ উদ্বেগৰ বিষয়ে কয় যে বিবাহৰ পত্ৰখন লাভ কৰাৰ পাছত দেখা যায় বহুতে বজাৰৰ তালিকা আদি কৰি বিভিন্ন কামত ব্যৱহাৰ কৰি মূল্যহীন কৰে। এই কথাই মন দুখ দিয়ে।  তাৰ চিন্তাৰ ফচল স্বৰূপ নিজৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰখন অতিথিয়ে যাতে লাভ কৰি সন্তুষ্টি লওক আৰু সেই পত্ৰখন সঠিকভাৱে সংৰক্ষণ কৰি ৰাখক। ইয়াৰ ফলস্বৰূপে বন্ধুবৰ্গৰ ঐকান্তিক প্ৰচেষ্টাত এনে প্ৰয়াস কৰা হৈছে বুলিও ব্যক্ত কৰে। উল্লেখ্য যে কলিয়াবৰৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ সেৱা আগবঢ়াই থকা উদীয়মান শিল্পী সঞ্জীৱ শইকীয়াৰ এনে ব্যতিক্ৰমী শিল্প কৰ্ম আৰু চিন্তা সৰ্বত্ৰ প্ৰশংসিত হৈছে। 
প্ৰেৰক দিগন্ত মহন্ত
Featured