SI কেলেংকাৰি: সঞ্জীত কৃষ্ণসহ ১২ অভিযুক্তৰ জামিন নাকচ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰা অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত আৰক্ষী বিষয়া কুমাৰ সঞ্জীত কৃষ্ণসহ এক ডজন অভিযুক্তৰ জামিন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ আৰক্ষীয়ে দাখিল কৰা কেছ ডায়েৰী অধ্যয়ন কৰাৰ পাছতে গোচৰটোৰ অধিক তদন্তৰ খাতিৰত অভিযুক্তসকলক জামিন দিবলৈ অমান্তি প্রকাশ কৰে ন্যায়ালয়ে৷

ন্যায়াধীশ অজিত বৰঠাকুৰৰ বিচাৰপীঠে অভিযুক্তসকলৰ জামিন নাকচ কৰিছে৷ কুমাৰ সঞ্জীত কৃষ্ণৰ উপৰি সম্প্রতি জে’লত থকা হীৰকজ্যোতি বৰুৱা, পাপুমণি নাথ, জিতু মিকিৰ, আনোৱাৰ আলী, দিলীপ গগৈ, প্রিয়নাথ গগৈ, মৃণাল কুমাৰ নাথ, কুমুদ চন্দ্র গোস্বামী আৰু যুগমী ব্রহ্মই জামিন বিচাৰি মুখথেকেচা খাইছে উচ্চ ন্যায়ালয়ত৷

আনহাতে, ধ্রুৱজ্যোতি বৰুৱা আৰু অৰূপ হালৈ নামৰ দুজন লোকৰ এই গোচৰ সন্দর্ভত আগতীয়া জামিন নাকচ কৰিছে বিচাৰপীঠে৷ প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই দাখিল কৰা ২৩৬৫/২০২০ নম্বৰৰ লেখ আবেদনৰ শুনানিৰ সময়ত তেওঁৰ অধিবক্তাই সদৰী কৰা অনুসৰি সম্প্রতি স্নায়ু ৰোগত আক্রান্ত হৈ আছে৷ তদুপৰি কৃষ্ণই আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছে৷ সেয়েহে তেওঁৰ জামিন মঞ্জুৰ কৰিব লাগে৷ কুমাৰ সঞ্জীত কৃষ্ণৰ অধিবক্তাৰ যুক্তিৰ বিৰোধিতা কৰি চৰকাৰী অধিবক্তা পি পি বৰুৱাই আদালতক অৱগত কৰে যে এই সমগ্র কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড হৈছে আৰক্ষী বিষয়াজন৷ ৪০ লাখ টকাৰ বিনিময়ত কুমাৰ সঞ্জীত কৃষ্ণই ফাদিল কৰিছিল প্রশ্ণকাকত৷ অধিবক্তা বৰুৱাই এইবুলিও আদালতত উল্লেখ কৰে যে আন আন ধৃত অভিযুক্তৰ সৈতে মিলি পূর্বপৰিকল্পিতভাৱে প্রশ্ণকাকত ফাদিল কৰিবলৈ ষড়যন্ত্র কৰিছিল কুমাৰ সঞ্জীত কৃষ্ণই৷ ইয়াৰ বাবে ধৃত অভিযুক্তসকলৰ লগতে নিজৰ বাবেও গোপন ছিম উলিয়াইছিল৷ কেছ ডায়েৰীত উল্লেখ কৰা অনুসৰি অভিযুক্তজনে গুৱাহাটীৰ পৰা প্রশ্ণকাকত লৈ যোৱা আৰক্ষীৰ দলটোক নির্ধাৰিত স্থানলৈ যোৱাৰ পৰিৱর্তে তেওঁৰ ব্যক্তিগত চৰকাৰী আৱাসলৈ আহিবলৈ নির্দেশ দিছিল৷ তাতেই কুমাৰ সঞ্জীত কৃষ্ণই প্রশ্ণকাকতৰ ফটো উঠাই একাংশ প্রার্থীলৈ প্রেৰণ কৰিছিল৷

চৰকাৰী অধিবক্তাই প্রকাশ কৰা মতে, এই অবৈধ কার্যকলাপৰ সাক্ষী নষ্ট কৰিবলৈ কুমাৰ সঞ্জীত কৃষ্ণই দুটা ম’বাইল ফোন ভাঙি পেলাইছিল৷ সেয়েহে এই সময়ত সঞ্জীত কৃষ্ণক জামিন প্রদান কৰিলে তদন্তত প্রভাৱ পৰিব বুলিও চৰকাৰী অধিবক্তাই উল্লেখ কৰে৷ এই সমগ্র তথ্য বিচাৰ কৰাৰ পাছত আদালতে এই সমগ্র কেলেংকাৰিৰ মূল অভিযুক্ত বুলি অভিহিত কৰি সঞ্জীত কৃষ্ণৰ জামিন নাকচ কৰে৷ অৱশ্যে জামিন নাকচ কৰিলেও গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰ কর্তৃপক্ষক কুমাৰ সঞ্জীত কৃষ্ণক যাৱতীয় ঔষধ–পাতি যোগান ধৰিবলৈ নির্দেশ দিয়ে উচ্চ ন্যায়ালয়ে৷

Featured