মুখ্যমন্ত্ৰীৰ উপস্থিতিত ডিব্ৰুগড়ত মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত আজি ডিব্ৰুগড় লোকসভা সমষ্টিত মনোনয়ন দাখিল কৰে সৰ্বানন্দ সোণোৱালে। বিজেপিয়ে সোণোৱালক প্ৰাৰ্থী ৰূপে ঘোষণা কৰাৰ পিছত একপ্ৰকাৰ বিৰোধীৰ সমীকৰণ সলনি কৰি দিছিল। সেই ধাৰাকেই আজি অক্ষুণ্ণ ৰাখি হাজাৰ হাজাৰ সমৰ্থকৰ মাজেৰে মনোনয়ন দাখিল কৰে সোণোৱালে। সোণোৱালৰ এই মনোনয়ন দাখিল যাত্ৰাত সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ মতামত- সোণোৱাল এইবাৰ ৩ লাখ ভোটৰ ব্যৱধানত বিজয়ী হব।

Featured