টিহু-বুঢ়াদিয়াৰ বানত জলমগ্ন সৰ্থেবাৰীৰ বিস্তীৰ্ণ অঞ্চল

# টিহু-বুঢ়াদিয়াৰ ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী
# কালাতলীত পুনৰ চিগিল মথাউৰি
# সৰ্থেবাৰী আৰক্ষী থানা জলমগ্ন 
# বানত বুৰিল টিহু লচিমা, সৰ্থেবাৰী নসত্ৰ পথ

নিয়মীয়া বাৰ্তা, ১৮ জুন : বিগত প্ৰায় এসপ্তাহে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এইবাৰ প্ৰথমটো বানত বুৰিল সৰ্থেবাৰী।বিগত তিনিদিন ধৰি দ্ৰুত গতিত বৃদ্ধি হৈছে টিহু-বুঢ়াদিয়াৰ জলস্তৰ।টিহু আৰু বুঢ়াদিয়া নদীৰ দক্ষিণপাৰৰ ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী।সৰ্থেবাৰীৰ বতিয়া কালাতলি খৰীয়া, সত্ৰপাকা, শান্তিপুৰ, গোমুৰা, জাব্ৰিকুছি, নটপাৰা, কুৰিহা, নসত্ৰ আদি অঞ্চল প্লাৱীত হৈ পৰিছে। বাঢ়নী পানীৰ তলত বুৰ গৈছে কৃষকৰ কঠীয়া।পুৰ্বৰ ভগ্ন মথাউৰিৰে সৰ্থেবাৰীৰ দিশে হোৰাহোৰে সোমাইছে পানী।বতিয়া আৰু খৰিয়াৰ মাজত নদীৰ কেকুৰিত পুৰ্বৰ ভগ্ন মথাউৰিৰে টিহু নদীৰ তীব্ৰ সোঁত বৈছে।টিহু নদীৰ গতিপথ সলনি হোৱাৰ আশঙ্কাত ভূগিছে নৈ পৰীয়া লোকসকল।ভগ্ন মথাউৰিৰে বোৱা সোঁতে টিহু নদীৰ উপনদী সদৃশ হৈ পৰিছে।টিহু নদীৰ এনে গতিয়ে সমগ্ৰ অঞ্চলটোৰ বাবে সংকট নামি আহিছে।বিগত বানে বিধ্বস্ত কৰা মথাউৰিৰ মেৰামতি নোহোৱাৰ বাবেই এতিয়া বানে প্লাৱীত কৰিছে বিস্তীৰ্ণ অঞ্চল।প্লপিবছৰৰ দৰে এইবাৰো বানপানীৰ কবলত পৰি অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভূঞ্জিব লাগিব। ইপিনি বুঢ়াদিয়াৰ বাঢ়নী পানী কলাতলিৰে সোমাই সৃষ্টি কৰিছে আহুকালৰ।প্লাৱীত হৈছে কালাতলি মৰাবাৰী, হাৰিয়াদি অঞ্চল। বানত বাথানৰট্টাৰী কাছকুৰি পথাৰ আদি গাঁৱৰ বাট পথ বুৰ গৈছে। অঞ্চলটোৰ খেতিয়কৰ খেতিপথাৰ পানীৰ তলত বুৰ যোৱাৰ লগতে কঠিয়া পানীৰ তলত বুৰ যোৱাত চিন্তিত হৈ পৰিছে কৃষক সকল। টিহু-বুঢ়াদিয়া নদীৰ বাঢ়নী পানীৰ ফলত নিশালৈ সমগ্ৰ সৰ্থেবাৰী অঞ্চল পানীৰ তলত বুৰ যোৱাৰ আশংকাই দেখা দিছে। ইফালে বিগত প্ৰায় এসপ্তাহে হোৱা নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ ফলত সমগ্ৰ সৰ্থেবাৰী অঞ্চল জলমগ্ন হৈ পৰিছে। বিগত তিনি দিন ধৰি দ্ৰুত গতিত বৃদ্ধি হৈছে টিহু-বুঢ়াদিয়াৰ জলস্তৰ। টিহু আৰু বুঢ়াদিয়া নদীৰ দক্ষিণপাৰৰ ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাই আছে বাঢ়নী পানী। বুৰ গৈছে টিহু লচিমা পথৰ লগতে সৰ্থেবাৰী নসত্ৰ পথ। বতিয়া আৰু খৰিয়াৰ মাজত নদীৰ কেকুৰিত পুৰ্বৰ ভগ্ন মথাউৰিৰে টিহু নদীৰ তীব্ৰ সোঁত বৈ আছে। এই অংশত টিহু নদীৰ গতিপথ সলনি হোৱাৰ  উপক্ৰম  হৈছে। বিগত বানে বিধ্বস্ত কৰা মথাউৰিৰ মেৰামতি নোহোৱাৰ বাবেই এতিয়া বানে প্লাৱীত কৰিছে বিস্তীৰ্ণ অঞ্চল। ইপিনি বুঢ়াদিয়াৰ বাঢ়নী পানী কলাতলিৰে ভগ্ন মথাউৰিৰে সোমাই সৃষ্টি কৰিছে জটিল পৰিস্থিতিৰ। প্লাৱীত হৈছে ন ন অঞ্চল। কালাতলি মৰাবাৰী, হাৰিয়াদি অঞ্চলত বহু ঘৰ পানখৰ তলত বুৰ গৈছে। দুটাকৈ নদীৰ বাঢ়নী পানীয়ে প্লাৱীত কৰা সৰ্থেবাৰী নগৰৰ ভিতৰতো আহুকালৰ সৃষ্টি কৰিছে।ইতিমধ্যেই যমথেৰ চুপাত মুল পথ পানীৰ তলত বুৰ গৈছে। সৰ্থেবাৰী নগৰৰ বহু মানুহৰ বাসগৃহৰ ভিতৰত পানী সোমাইছে। সৰ্থেবাৰী আৰক্ষী থানা জলমগ্ন হৈ পৰিছে। বানপানীৰ ফলত বেলবাৰী নসত্ৰ সংযোগী পথ বন্ধ কৰি দিয়া হৈছে।

প্ৰেৰক নকুল তালুকদাৰ

Featured