নাৰী-আৰ্থিক কেলেংকাৰিৰে সৰ্থেবাৰী হায়াৰ ছেকেণ্ডাৰীৰ ঐতিহ্যত কালিমা

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰ : অখ্যাত অনুষ্ঠানৰ দ্বাৰা প্ৰকাশিত এখন গোহাৰি পত্ৰই কাঁহশিল্প নগৰী সৰ্থেবাৰীত জোকাৰণিৰ সৃষ্টি কৰিছে। সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত শৈক্ষিক তত্বাবধায়ক ৰাতুল দাসৰ বিৰুদ্ধে নাৰী কেলেংকাৰি আৰু আৰ্থিক কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰি গোহাৰি পত্ৰ প্ৰকাশ কৰি দেৱালত লগোৱাৰ লগতে বিদ্যালয়ৰ শ্ৰেণী কোঠাত পেলাই থৈ যায়।পুৱাই ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজৰ হাতে হাতে পৰে গোহাৰি পত্ৰ। সৰ্থেবাৰী আঞ্চলিক সমাজ সচেতন মঞ্চ নামৰ এতি অখ্যাত অনুষ্ঠানৰ দ্বাৰা প্ৰকাশিত এই গোহাৰি পত্ৰত ভাৰ্গৱ বৰ্মন সভাপতি আৰু দিগন্ত ডেকা সম্পাদক হিচাপে উল্লেখ থকা এই গোহাৰি পত্ৰত বিদ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী দীপক তালুকদাৰৰ নামো উল্লেখ কৰিছে। শৈক্ষিক তত্বাৱধায়ক ৰাতুল দাসে বিদ্যালয়ৰ পৰা ধন হৰলুকী কৰা বুলি এই পত্ৰখনত অভিযোগ উত্থাপন কৰিছে। একেদৰে বিদ্যালয়তে কৰ্মৰত এগৰাকী সহঃ শিক্ষয়িত্ৰীৰ লগত ৰাতুল দাসৰ অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথাও গোহাৰি পত্ৰত উল্লেখ কৰিছে। একেদৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসৰ নাম লৈ বিদ্যালয় সমুহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসৰ অতি ঘনিষ্ঠ বিদ্যালয়ৰ শৈক্ষিক তত্বাবধায়ক ৰাতুল দাসে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীক ভয় ভাবুকি প্ৰদান কৰাৰ উপৰিও ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন কৰিছে এই গোহাৰি পত্ৰত। আনফালে বৰপেটা জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাস বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত শৈক্ষিক তত্বাবধায়ক ৰাতুল দাসৰ একে গাৱঁৰে হোৱা হেতুকে বিষয়া গৰাকীৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক বুলি সকলোৱে জানে। বিদ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী দীপক তালুকদাৰৰ লগত ঘনিষ্ঠ শৈক্ষিক তত্বাবধায়ক ৰাতুল দাসে দীপক তালুকদাৰক হাথিয়াৰ হিচাপে লৈ বিদ্যালয়ৰ উন্নয়ন মুলক আঁচনি বোৰত দীপক তালুকদাৰক জড়িত কৰাই কৌশলেৰে ৰাতুল দাসে ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে বিদ্যালয় চৌহদত নতুনকৈ আবন্তিত এতি গৃহৰ ঠিকাদাৰৰ লগত বুজাবুজি কৰি দীপক তালুকদাৰে শিল বালি যোগান ধৰাৰ বাবেও উঠিপৰি লাগিছে বুলিও অভিযোগ উত্থাপন কৰে।একেদৰে বিদ্যালয়ত কেইদিনমানৰ বাবে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কৰ্তব্য পালন কৰা সহশিক্ষক জীতেন বৰ্মনকো এই গোহাৰি পত্ৰত সমালোচনা কৰে।আজি পুৱাই বিদ্যালয়ৰ ছাত্ৰৰ হাতে হাতে এই গোহাৰি পত্ৰ পৰাৰ পিছতেই বিদ্যালয়ত তোলপাৰ লাগে।গোহাৰি পত্ৰ দেখি বিতত হৈ পৰে বিতৰ্কিত শৈক্ষিক তত্বাৱধায়ক ৰাতুল দাসে ছাত্ৰৰ হাতৰ পৰা গোহাৰি পত্ৰ সংগ্ৰহ কৰি জ্বলাই দিয়া বুলি জানিব পৰা গৈছে। আনহাতে এইদৰে গোহাৰি পত্ৰ প্ৰকাশ হোৱাৰ খৱৰ লাভ কৰিয়েই বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় সমুহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে ঘটনাৰ বুজ লয় আৰু এই সম্পৰ্কত গোচৰ দিবলৈ শিক্ষক সকলক আহ্বান জনায়।উল্লেখ্য যে ঐতিহ্যমণ্ডিত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ আসনখনৰ কাৰণে গোচৰ তৰা হৈছিল আৰু বৰ্তমানো গোচৰ চলি আছে।পুৰ্বৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সৰলা দেবীৰ অৱসৰৰ পিছত ৰাতুল দাস শৈক্ষিক তত্বাবধায়ক হিচাপে দায়িত্ব লাভ কৰে।ইয়াৰ পিছতেই জ্যেষ্ঠ শিক্ষক জীতেন বৰ্মনে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব লাভ কৰে।ইয়াৰ পিছতেই সহ শিক্ষক টঙ্কেশ্বৰ নাথে গোচৰ দাখিল কৰে। এই গোচৰৰ ভিত্তিত জিতেন বৰ্মনক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পৰা অপসাৰণ কৰি পুনৰ ৰাতুল দাসক শৈক্ষিক তত্বাবধায়ক হিচাপে দায়িত্ব অৰ্পণ কৰে।গোচৰত জয়ী হোৱাত জীতেন বৰ্মন পুনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ আসনত বহে যদিও টংকেশ্বৰ নাথে পুনৰ গোচৰ দাখিল কৰাত আকৌ ৰাতুল দাসক শৈক্ষিক তত্বাবধায়কৰ দায়িত্ব অৰ্পণ কৰা হয়। এইদৰে বাৰে বাৰে শৈক্ষিক তত্বাবধায়কৰ দায়িত্ব লাভ কৰা ৰাতুল দাসৰ বিৰুদ্ধে পুৰ্বৰ পৰাই বিভিন্ন চৰ্চা চলি আহিছিল আৰু এই চৰ্চা চলি থকাৰ মাজতে আজি এইদৰে গোহাৰি পত্ৰ প্ৰকাশ হোৱাত সৰ্থেবাৰীত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত বিদ্যালয় খনত চলা এনে কৰ্ম কাণ্ডই বিদ্যায়তনিক দিশত বিৰূপ প্ৰভাৱ পেলোৱা বুলি সমালোচনা হৈছে।ইপিনে শৈক্ষিক তত্বাবধায়ক ৰাতুল দাসে তালুকদাৰ উপাধিৰ সহ শিক্ষয়িত্ৰী গৰাকীক একে পথৰ যাত্ৰী বাবেই নিতৌ নিজৰ গাড়ীত অনা নিয়া কৰা বুলি স্বীকাৰ কৰাৰ লগতে বাকী অভিযোগ বোৰ ষড়যন্ত্ৰ বুলি আখ্যা দিয়াৰ উপৰি এই ঘটনা সম্পৰ্কত গোচৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। ইপিনে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অৱসৰী শিক্ষক চন্দ্ৰশেখৰ শৰ্মাই এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে।

প্ৰেৰক নকুল তালুকদাৰ

Featured