কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ ৰহাৰ ‘কংগ্ৰেছী’ বিধায়ক শশীকান্ত দাস

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ কংগ্ৰেছৰ পৰা ৰহাৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক সমৰ্থ জনাইছিল শশীকান্ত দাসে। এতিয়া বিধায়ক শশীকান্তই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। তেওঁ কয় যে মোক দলে বহিষ্কাৰ কিয় নকৰে। মোক একেবাৰে দলৰ পৰা বহিষ্কাৰ কৰি দিয়ক। লগতে তেওঁ কয় যে ‘শশী মডেল’ এতিয়া মানুহৰ মুখে মুখে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত কাম কৰিব পাৰি মই সুখী। আন কংগ্ৰেছী বিধায়ক বিজেপি যোগদান সন্দৰ্ভত তেওঁ কয় যে মোৰ পিছে আহি আছে আন আন কংগ্ৰেছ বিধায়ক। আনহাতে লোকসভা নিৰ্বাচনত মোৰ সমষ্টিৰ ভোট ড০ হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে।

Featured