বকোত তীব্ৰবেগী বাহনৰ খুন্দাত আহত স্কুলীয়া ছাত্ৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত বীৰপাৰাত আজি দিনৰ ভাগত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী হণ্ডাই ভেনু বাহন এখনে দুজন স্কুলীয়া ছাত্ৰক প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই ভয়াৱহ পথ দুৰ্ঘটনাত দুয়োজন স্কুলীয়া ছাত্ৰ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত ছাত্ৰ দুগৰাকী অংশুমান বৈশ্য আৰু নিবিড় বৈশ্য বুলি জানিব পৰা গৈছে। দুয়োজন ছাত্ৰ ভাই ককাই বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত ছাত্ৰ দুজন বকোৰ লামপাৰাৰ কৌটিল্য পাব্লিক স্কুলৰ নৱম শ্ৰেনীত অধ্যয়নৰত ছাত্ৰ আছিল। ছাত্ৰ দুজনে বিদ্যালয়ৰ পৰা চাইকেলেৰে ঘৰলৈ ওভতাৰ সময়ত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো।গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই ককাই ভাইৰ ঘৰ বনগাঁও কেম্পৰ ৰেলৱে কলনীত। দুৰ্ঘটনা সংঘটিত কৰা ভেনু বাহন খনৰ নম্বৰ AS01FG 6993। দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বকো আৰক্ষীৰ যানবাহন শাখাৰ আৰক্ষী সহকাৰী উপ পৰিদৰ্শক গনেশ বৰগোহাইৰ নেতৃত্বত এটি আৰক্ষীৰ দল উপস্থিত হৈ আঘাতপ্ৰাপ্ত দুয়োগৰাকী ছাত্ৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনসহ চালক জনক আটক কৰে বকো আৰক্ষীয়ে।দুয়োজন ছাত্ৰক প্ৰথমে বামুনীগাওঁ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত চিকিৎসকে দুয়োকে সংকটজনক অৱস্থাত জিএমচিএইচ লৈ প্ৰেৰণ কৰে।

প্ৰেৰক প্ৰীতম বায়ন

Featured