BREAKING: পিছুৱাই দিয়া হ’ল মেট্ৰিক পৰীক্ষা

নিয়মীয়া বাৰ্তা ৪ মেঃ  ক’ভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১১ মে’ৰ পৰা অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা।এইকথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।

উল্লেখ্য যে অহা ১১ মে’ৰ পৰা ৩ জুনলৈ অনুষ্ঠিত হ’ব হাইস্কুল আৰু হাইমাড্রাছাৰ চূড়ান্ত পৰীক্ষা৷ লগতে  ক’ভিড–১৯ৰ সম্ভাব্য সংক্রমণ প্রতিৰোধকল্পে এইবাৰ পৰীক্ষার্থীৰ ‘ছীটপ্লেন’ৰ ক্ষেত্রত ছেবাই ‘S’ প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষার্থীসকলক পৰীক্ষাগৃহত আসন গ্রহণ কৰিব লাগিব বুলি জাৰি কৰিছিল এক নির্দেশনা। কিন্তু অৱশেষত ৰাজ্যজুৰি বৰ্ধিত ক’ভিড পৰিস্থিতিৰ বাবে হাইস্কুল আৰু হাইমাড্রাছাৰ চূড়ান্ত পৰীক্ষা বাতিল কৰা হয়।

 

Featured