সমগ্র দেশতে সমাদৃত অসমৰ আত্মসহায়ক গোট

🎯 ৰাজ্যখনৰ ৩,৬২,৭৮৬ আত্মসহায়ক গোটত আছে ৩৯,৫৯,৪২৩ সদস্য

🎯 সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তথ্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জুনঃ সমগ্র দেশতে সমাদৃত হৈছে অসমৰ আত্মসহায়ক গোট৷ ৰাজ্যখনৰ আত্মসহায়ক গোট এইদৰে সমাদৃত হোৱাৰ কাৰণ হৈছে ৰাজ্যখনত এতিয়ালৈ ৩,৬২,৭৮৬ আত্মসহায়ক গোট আছে৷ এই আত্মসহায়ক গোটৰ সদস্য সংখ্যা হৈছে ৩৯,৫৯,৪২৩গৰাকী৷ ইয়াৰে ৮.৭২ লাখ আত্মসহায়ক গোটৰ সদস্য হৈছে লাখপতি বাইদেউ৷ সামাজিক মাধ্যমত এই তথ্য সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ মুঠ আত্মসহায়ক গোটৰ ভিতৰত ৩৪.৬৩ লাখ সদস্যই বছৰি গড়ে ৬৫ হাজাৰ টকাকৈ উপার্জন কৰে৷ আত্মসহায়ক গোটসমূহৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা মিছনৰ অধীনত ১০,০৭৯ কোটি টকা ঋণ প্রদান কৰা হৈছে৷ তদুপৰি এই আত্মসহায়ক গোটে ১৮.০৯ লাখ টকাৰ উৎপাদিত সামগ্রী ই-কমার্চ ছাইটৰ জৰিয়তে বিক্রী কৰিবলৈও সক্ষম হৈছে৷ ইয়াৰ বাবেই অসমৰ আত্মসহায়ক গোট মডেল সর্বত্র সমাদৃত হৈছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমত উল্লেখ কৰে৷

Featured