খৈৰাবাৰীৰ ছেল্ফ মেইড ৰাণী বড়োলৈ সাহিত্য অকাডেমি যুৱ বঁটা

🔹 বড়ো সাহিত্য সভাৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ১৫ জুন : ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা বড়ো ভাষাৰ শিতানত লাভ কৰিছে ছেল্ফ মেইড ৰাণী বড়োৱে । ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ শিমলুবাৰী গাঁৱৰ দেহি ৰাম বড়ো আৰু প্ৰমীলা বড়োৰ কন্যা ছেল্ফ মেইড ৰাণী বড়োৱে তেওঁৰ ‘ছাইখ্লুম’ ( ছাঁ ) নামৰ চুটি গল্প সংকলনৰ বাবে এই বঁটা লাভ কৰে । বড়োৱে এই বঁটা লাভ কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে খৈৰাবাৰী অঞ্চলৰ সাহিত্যানুৰাগী, শুভাকাংক্ষীসকলৰ মাজত বয় আনন্দৰ বন্যা । হাইস্কুলীয়া জীৱনৰ পৰাই সাহিত্য চৰ্চাত মনোনিৱেশ কৰা ছেলফ মেড ৰাণী বড়োৱে নিজেও এই বঁটা লাভ কৰি সুখী হোৱা বুলি এই প্ৰতিবেদকৰ আগত অনুভৱ ব্যক্ত কৰি কয় যে সাম্প্ৰতিক সময়ত ইউটিউব, ফেচবুক, ইন্টাৰনেট আদি যুৱপ্ৰজন্মৰ বাবে জ্ঞান আহৰণৰ আহিলা হৈ পৰিছে যদিও কিতাপক বাদ দি মানুহে কেতিয়াও আগুৱাই যাব নোৱাৰে । গ্ৰন্থ অধ্যয়নৰ যোগেদিহে প্ৰকৃত আনন্দ লাভ কৰিব পাৰি । প্ৰকৃতি, যুৱ মানসিকতা, সাম্প্ৰতিক সমাজ জীৱনৰ বিভিন্ন বিষয়বস্তুক উপজীব্য হিচাপে লৈ লিখা তেওঁৰ গল্প পুথিখনত সন্নিৱিষ্ট হৈছে চৈধ্যটাকৈ মননশীল গল্প। ‘ছাইখ্লুম’ লেখিকাগৰাকীৰ তৃতীয়খন গল্প পুথি । ইয়াৰ পূৰ্বে দুখনকৈ গল্প পুথি প্ৰকাশ পাইছে লেখিকাগৰাকীৰ । ইপিনে, খৈৰাবাৰী প্ৰাইমাৰী বড়ো সাহিত্য সভা, ভেৰগাঁও জিলা বড়ো সাহিত্য সভা, ভেৰগাঁও প্ৰাইমাৰী বড়ো সাহিত্য সভাকে ধৰি বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে আজি নৱপ্ৰজন্মৰ লেখিকাগৰাকীৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জনায় আৰু সাহিত্যৰ ক্ষেত্ৰখনত আগুৱাই যাবলৈ উৎসাহিত কৰে । উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰৰ স্নাতকোত্তৰ ছেল্ফ মেইড ৰাণী বড়ো সম্প্ৰতি দিছপুৰ সচিবালয়ত অনুবাদক হিচাপে কৰ্মৰত ।

প্ৰেৰক ধীৰেন মহলীয়া

Featured