‘ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-সংস্কৃতি : ঐতিহ্য আৰু বিৱৰ্তন’ শীৰ্ষক আলোচনা সত্ৰ

🔹 নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ

বিশেষ বার্তা, ২০ ছেপ্টেম্বৰ : হীৰক জয়ন্তী বৰ্ষত ভৰি দিয়া ঐতিহ্যমণ্ডিত নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত “ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা, সাহিত্য আৰু সংস্কৃতি : ঐতিহ্য আৰু বিৱৰ্তন” শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয়৷ নাহৰকটীয়া মহাবিদ্যালয়ৰ আলোচনা কক্ষত অনুষ্ঠিত হোৱা আলোচনা সত্ৰত অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ড° স্মৃতিৰেখা গগৈ গায়নে ভাষণ প্ৰদান কৰে৷ ভাষণ প্ৰসংগত ড° গায়নে উত্তৰ-পূৰ্বাঞ্চলৰ ভাষিক-সাংস্কৃতিক ঐতিহ্য আৰু বৈচিত্ৰ্যৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° পৰেশ খনিকৰে আঁত ধৰা তথা মহাবিদ্যালয়খনৰ মুকুল কিশোৰ সোণোৱাল, ৰিমলী কোঁৱৰ, মূৰ্ছনা কোঁৱৰ, শান্তনু কেওট, লাৱণ্য কোঁৱৰ, কৃষ্টিনা ৰাণী টাইৰাই, প্ৰশান্ত শইকীয়া, মৌচুমী শইকীয়া, নয়নমণি সোণোৱাল, অভিজিৎ সোণোৱাল আদিয়ে উপস্থাপন কৰা গৱেষণা পত্ৰকে ধৰি মুঠ ৩৩খন বিভিন্ন বিষয়ৰ গৱেষণা পত্ৰ উপস্থাপন হোৱা এই আলোচনা সত্ৰত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ক্ৰমে ড° ৰুণুমী সোণোৱাল, ড° জ্যোতিৰেখা গগৈ আৰু ড° সংগীতা গগৈয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি গৱেষণা পত্ৰসমূহৰ বিভিন্ন দিশ বিশ্লেষণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ প্ৰদান কৰে৷ উক্ত আলোচনা সত্ৰত নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক আটাইকেইটা ষাণ্মাসিকৰ মেজৰ আৰু মাইনৰৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তোলাত বিশেষ অৰিহণা আগবঢ়ায় ৷

প্ৰেৰক প্ৰাঞ্জল ভূঞা

Featured