ঝাৰগাঁৱত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন সম্পন্ন

🔹 সাত জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা
🔹 জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ দাবী

নিয়মীয়া বাৰ্তা, ৯ জুন : ওদালগুৰি জিলাৰ বৃহত্তৰ ঝাৰগাঁও অঞ্চলক সাঙুৰি গঠিত ঝাৰগাঁও আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনখন আজি এদিনীয়া কাৰ্যসূচীৰে ঝাৰগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । এই উপলক্ষে পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী সমাপন হোৱাৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা। ঝাৰগাঁও আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বিষ্ণু ৰাম ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে ঝাৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী যোগেন ডেকাই । সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰত্নেশ্বৰ ডেকাই আদৰণী ভাষণ প্ৰদান কৰা এই সভাত বিগত কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক ধৰণীধৰ ডেকাই । গাম্ভীৰ্যপূৰ্ণ সভাখনত নিৰ্দিষ্ট বক্তা ৰূপে ভাগ লৈ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপ-সভাপতি তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক অতুল বৰুৱাই জ্যেষ্ঠ নাগৰিকসকলৰ অৰ্থনৈতিক, সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে । বৃদ্ধ পিতৃ-মাতৃৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত সন্তানক বাধ্য কৰোৱা, বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা, বৃদ্ধ পেঞ্চন বৃদ্ধি কৰাকে ধৰি জ্যেষ্ঠ নাগৰিকসকলৰ দাবীসমূহ পূৰণৰ বাবেও তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়। অঞ্চলটোৰ শতাধিক জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰা এই সভাত সাতগৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক গধূলি ডেকা, সুনীল দে’, বালিৰাম ডেকা, হৰিমাই শইকীয়া, মংগল বৰ্মন, শশীন্দ্ৰ ডেকা আৰু জগদীশ ডেকাক ফুলাম গামোচা, অংগবস্ত্ৰ আদিৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ঝাৰগাঁও আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনে ।

প্ৰেৰক ধীৰেন মহলীয়া

Featured