নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ পৰলোকপ্ৰাপ্তি

বিশেষ বাৰ্তা, ১৪ জুলাই : নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ আজি (৬৪)  বিয়লি আকস্মিকভাৱে মৃত্যু হয়। সদাহাস্য মুখে থকা অখিল দাস মৃত্যুৰ কিছু সময় আগলৈকে সুস্থ হৈ আছিল। দাসৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁৱৰ সাংবাদিক  মহল শোকত ম্ৰিয়মাণ হৈ পৰে। তেওঁ দৈনিক যুগসংঘ কাকতত ২০০১ চনৰ পৰা সাংবাদিকতা কৰি আছিল। নগাঁও প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত দাসে নগাঁও প্ৰেছ ক্লাবৰ উপ-সভাপতি, উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন মাণ্ডলিক উপ-সভাপতি, নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল। তেওঁ সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতি, নগাঁও বেংগলী সন্মিলনীকে ধৰি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল। তেওঁৰ মৃত্যুত নগাঁও প্ৰেছ ক্লাব, অসম বাৰ্তাজীৱী সংঘ, আজুৰ নগাঁও জিলা সমিতি, আপকুৰ নগাঁও জিলা সমিতি, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, গ্ৰাম বিকাশ পৰিষদ, নগাঁও বেংগলী সন্মিলন আদিয়ে শোক প্ৰকাশ কৰিছে। তদুপৰি জ্যেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ মৃত্যুত বিধায়ক ৰূপক শৰ্মাই শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ-বোৱাৰীসহ বহু আত্মীয়-স্বজন ইহসংসাৰত এৰি যায়।
প্ৰেৰক কনক হাজৰিকা
Featured